চিৰাং, 23 এপ্ৰিল :ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সফল সমাপ্তিৰ পাচত ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ৷ কাৰ্যসূচী অনুসৰি, 26 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহুসংখ্যক ছাত্ৰ নেতা, অন্যান্য ৰাজনৈতিক দলসমূহৰ নেতা আৰু সাধাৰণ ৰাইজে নিজৰ মন পচন্দৰ দলত যোগদান কৰিছে ৷ সোমবাৰে চিৰাং জিলাৰ বিজনীতো বিজেপিয়ে তেনে এক যোগদান সভা অনুষ্ঠিত কৰে ৷
বিজনীৰ বাগৰগাঁৱত অনুষ্ঠিত এই সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাস ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰায় সাতশৰো অধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে ৷ চিৰাং জিলা বিজেপিৰ উদ্যোগত আৰু থুৰিবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বাগৰগাঁও ভিচিডিচিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই সংখ্যালঘু লোকসকলে গেৰুৱা বসন পৰিধান কৰে ৷
যোগদান কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী দাসক কৰা প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো সম্প্ৰদায়ৰ লোককে হিতাধিকাৰীৰ অন্তৰ্ভুক্ত কৰি সম মৰ্যাদা প্ৰদান কৰিছে ৷ যাৰ বাবে সংখ্যালঘু লোকসকলেও দলটোৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁ লগতে কয় যে বিগত দিনত কংগ্ৰেছ আৰু বিপিএফৰ কাৰ্যকালত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰাইজ স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে ৷