নগাঁও, 8 মে’ :ৰাজ্যত তৃতীয় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাচতেই নিৰ্বাচনী ফলাফলক লৈ ৰাজনৈতিক নেতাৰ মাজত আৰম্ভ হৈছে অংক ৷ সকলো নিৰ্বাচনী ফালফলৰ অংকক লৈ ব্যস্ত থকাৰ সময়তে হিচাপৰ কাগজ হাতত লৈ সংবাদমেল সম্বোধন ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ ৷ নুৰুল হুদাৰ নাম থকা হিচাপ অনুযায়ী নগাঁও লোকসভা সমষ্টিটোৰ পৰা সৰ্বাধিক ভোট লাভ কৰি জয়লাভৰ পথ নিশ্চিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ ৷ আচলতে নুৰুল হুদাৰ নামত কোনোবাই প্ৰচাৰ কৰা নগাঁও লোকসভা সমষ্টিৰ হিচাপক লৈ খঙত অগ্নিশৰ্মা বিধায়ক নুৰুল হুদা ৷ কোন নুৰুল হুদাৰ নামত কোনে প্ৰচাৰ কৰিলে এনে হিচাপে?
বিজেপিক আগস্থান দি প্ৰচাৰ হোৱা হিচাপ সন্দৰ্ভত নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামেও বিভিন্ন হোৱাটছএপ গ্ৰুপত বিধায়ক নুৰুল হুদাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই হিচাপ প্ৰদান কৰা বুলি মন্তব্য কৰিছিল ৷ হাৱাটছএপ গ্ৰুপত মন্তব্য কৰাৰ পিচতেই বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিধায়ক নুৰুল হুদা ৷ এনে মন্তব্য কৰাৰ বাবে নগাওঁ লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰে বিধায়ক নুৰুল হুদাই ৷