অসম

assam

ETV Bharat / politics

গৃহ বি‌ভাগ আৰু চি আই ডিক সমালোচনা জাকিৰ হুছেইন ছিকদাৰৰ

Jakir Hussain Sikdar: অসমৰ গৃহ বিভাগেহে নাজানে যে বিধানসভাৰ অধিৱেশন চলি আছে ৷ অসমৰ ডিজিপি, চি আই ডিৰ বাহিৰে অসমৰ সকলোৱে বিধানসভাৰ অধিৱেশন চলি থকাৰ কথা জানে বুলি মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৷

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:31 PM IST

Jakir Hussain Sikdar
কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন ছিকদাৰ

কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন ছিকদাৰ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: গৃহ বিভাগ আৰু অসম আৰক্ষীৰ চি আই ডিৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ । শুকুৰবাৰে অসম বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি হুছেইনে কয়, ‘‘আজি মোক চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল । কিন্তু মই চি আই ডিৰ কাৰ্যালয়ত হাজিৰ নহ’লোঁ । মই বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ‌ বাবে চি আই ডি কাৰ্যালয়ত হাজিৰ নহ’লোঁ । এই সন্দৰ্ভত মই চি আই ডি কাৰ্যালয়লৈ পত্ৰ লিখিছোঁ । মোক সাত সপ্তাহৰ পিচত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ।’’

তেওঁ কয় যে বিধানসভা চলি থকাৰ কথা গৃহ বিভাগ আৰু চি আই ডিয়ে নাজানে ৷ সেইবাবে বিধানসভা চলি থকাৰ সময়ত বিধায়কগৰাকীক চি আই ডিয়ে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল বুলি মন্তব্য কৰে জাকিৰ হুছেইন ছিকদাৰে । উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক ৰমেন কুমাৰ শৰ্মালৈ CIDয়ে চমন জাৰি কৰিছিল ৷

উক্ত চমন অনুসৰি ২৩ ফেব্ৰুৱাৰীত উলুবাৰীৰ CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল বিধায়কগৰাকীৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদকগৰাকীক ৷ ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ সন্দৰ্ভত চমন দিছিল দুয়োগৰাকীলৈ ।

উল্লেখ্য যে ২৩ জানুৱাৰীত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল । ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত জাকিৰ হুছেইন ছিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ৫৫/২৪ নম্বৰত গোচৰ পঞ্জীয়ণ কৰি তদন্ত অব্যাহত ৰাখে ।

পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰে ।

লগতে পঢ়ক:এয়া আক্ৰোশমূলক : চি আই ডিৰ তলব সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details