অসম

assam

ETV Bharat / politics

সামান্য লাজ আছে যদি বিধায়ক পদ এৰি দেখুৱাওক নিলাজ কমলাক্ষই : প্ৰত্যাহ্বান কংগ্ৰেছৰ - জাকিৰ হুছেইন শিকদাৰ

MLA Jakir Hussain Sikdar : বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক মুকলি প্ৰত্যাহ্বান কংগ্ৰেছৰ দুবাৰৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ৷ যদি কমলাক্ষ দে’ পুৰকায়স্থৰ সামান্যতমো লাজ আছে তেন্তে প্ৰথমে তেওঁ বিধায়ক পদ এৰি দেখাওক বুলি গৰজি উঠিল বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷

MLA Jakir Hussain Sikdar
কমলাক্ষ দে’ পুৰকায়স্থক সমালোচনা জাকিৰ হুছেইন শিকদাৰৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:38 PM IST

কমলাক্ষ দে’ পুৰকায়স্থক মুকলি প্ৰত্যাহ্বান জাকিৰ হুছেইন শিকদাৰৰ

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ কৰ্ম-কাণ্ডত অৱশেষত ধৈৰ্যৰ বান্ধ ছিঙিল কংগ্ৰেছী বিধায়কৰ ৷ বিজেপিৰ হাতৰ পুতলা স্বৰূপ, এতিয়াও কাগজে-পত্ৰই কংগ্ৰেছৰ বিধায়ক হৈ থকা কমলাক্ষক 'অপেন চেলেঞ্জ’ কংগ্ৰেছৰ দুবাৰৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ৷ “যদি কমলাক্ষ দে’ পুৰকায়স্থৰ সামান্যতমো নিজৰ লাজ আছে তেন্তে প্ৰথমে তেওঁ বিধায়ক পদ এৰি দেখুৱাওক”- বুলি গৰজি উঠিল বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই প্ৰস্তুতি চলাইছে বুলি লগতে মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ ৷

বিধানসভাৰ মজিয়াত দল ত্যাগ নকৰাকৈ এতিয়া বিজেপিৰ হৈ কংগ্ৰেছক সমালোচনা কৰাত ব্যস্ত কমলাক্ষ দে’ পুৰকায়স্থ ৷ আনকি বিধানসভাৰ নথিত আজিও কংগ্ৰেছ বিধায়ক হৈ থকা কমলাক্ষৰ কাৰচাজিত খং উঠিল কংগ্ৰেছ বিধায়িনী দলৰ একাংশ সদস্যৰ ৷ বিধানসভাত শাসকীয় বিজেপিৰ পক্ষ লৈ নিজৰ দলকে কটাক্ষ কমলাক্ষৰ ৷ এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষক অভিযোগ দিলে কংগ্ৰেছ বিধায়িনী দলে ৷ বিধানসভাৰ অধ্যক্ষই কমালাক্ষৰ এনে সদন বিৰোধী কাৰ্য কলাপৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে কংগ্ৰেছৰ তৰফৰ পৰা ৷

“বিধানসভাত নিয়ম আছে যে নিজৰ আসনৰ পৰাহে যিকোনো বিধায়কে কথা ক’ব পাৰে ৷ কমলাক্ষ দে’ পুৰকায়স্থই আজি সদনত বিজেপিৰ আসনৰ পৰা কথা কৈ আছে ৷ বেলেগৰ আসনৰ পৰা এইদৰে কথা ক’ব নোৱাৰে ৷ নিয়ম মতে তেঁওক সদনৰ পৰা বাহিৰ কৰি দিব লাগে ৷ আমি অধ্যক্ষক এই কথা জনাইছো ৷ তেওঁ একো কৰা নাই ৷”- এইদৰে সংবাদ মাধ্যমৰ সমুখত অভিযোগ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

সমালোচনা কৰাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়ক পদ এৰিবলৈ কমলাক্ষক প্ৰত্যাহ্বান জাকিৰ হুছেইন শিকদাৰৰ ৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ প্ৰত্যাহ্বান- “কংগ্ৰেছ দলে তেওঁক তিনিবাৰ বিধায়ক পাতিছে ৷ কংগ্ৰেছ দলে দিয়া পৰিচয়ৰ বাবেই তেওঁক অসমবাসীয়ে চিনি পাইছে ৷ সেই কংগ্ৰেছকে বিশ্বাসঘাতকতা কৰি তেঁও বিজেপিৰ লগত গৈছে ৷ তেওঁক মই চেলেঞ্জ কৰিছো ৷ কমলাক্ষ দে’ৰ যদি অকণমানো লাজ আছে তেন্তে বিধায়ক পদটো প্ৰথমে বাদ দিয়ক ৷”

উল্লেখ্য যে, কংগ্ৰেছ বিধায়িনী দলে বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে কি সংসদীয় ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ’ব ৷ লগতে লক্ষণীয় হ’ব জাকিৰ হুছেইন শিকদাৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কংগ্ৰেছৰ বিধায়কৰ পদ এৰিব পাৰিব নে কমলাক্ষই ?

লগতে পঢ়ক :বিধানসভাত সুৰ সলনি হ'ল চৰকাৰক সমৰ্থন জনোৱা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

ABOUT THE AUTHOR

...view details