অসম

assam

ETV Bharat / politics

হাগ্ৰামা মহিলাৰী কৌতুক অভিনেতা বুলি সকলোৱে জানে : পীযুষ হাজৰীকা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

NDA candidate Jayanta Basumatary : চিৰাঙৰ বাসুগাঁৱত কোকৰাঝাৰ লোকসভাৰ এনডিএ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

Minister Pijush Hazarika and MLA Kamalakhya Dey Purkayastha campaigning for NDA candidate Jayanta Basumatary of Kokrajhar Lok Sabha
নিৰ্বাচনী প্ৰচাৰ (etv bharat assam)

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:17 AM IST

মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষ্য (etv bharat assam)

চিৰাং, ৩ মে’ :চিৰাঙৰ বাসুগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে বিয়লি ৫ বজাত বাসুগাঁও ধান বজাৰৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ লোকসভা সমষ্টীৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় তেওঁলোকে । নিৰ্বাচনী সভাত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয়, ‘‘আমি অহা এবছৰৰ ভিতৰতে ডি ভোটাৰ সমস্যা, নাগৰিকত্ব সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা, ভূমিসহ অন্যান্য সমস্যা সমাধান কৰিম । অসমৰ মুখ্যমন্ত্ৰী অতিকে স্পষ্টবাদী মানুহ । তেওঁ এই প্ৰতিশ্ৰুতি দিছে । ইয়াৰ বাবে আমি এনডিএৰ প্ৰাৰ্থীক জয়ী কৰি এনডিএক শক্তিশালী কৰিব লাগিব ৷’’

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘আজি কোনো এটা উগ্ৰপন্থী সংগঠন বিটিআৰত সক্ৰিয় হিচাবে নাই । শান্তি স্থাপন হ’ল বিটিআৰত । এই শান্তি আমি আনিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত । শান্তি স্থাপনৰ লগে লগে প্ৰগতি আৰম্ভ হ’ল বিটিআৰত । অসমত কেবাখনো মেডিকেল কলেজ হ’ল । উগ্ৰপন্থী সংগঠনৰ বাবে চিকিৎসক আহিব বিচৰা নাছিল ইয়ালৈ । কিন্তু আজি আমি বছৰত ২৫ হেজাৰ চিকিৎসক পাও । বিশ্ববিদ্যালয়ো কেবাখনো হ’ল । এই অঞ্চলৰ পথৰ অৱস্থা ভাল নাছিল । কিন্ত মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰতিটো সমষ্ঠিত ৫০ কোটি টকা কেৱল পথ বনোৱাৰ বাবেই দিয়া হৈছিল যাৰ বাবে পথসমূহ ভাল হৈছে বিটিআৰত’’ ।

নিৰ্বাচনী সভা (etv bharat assam)

লগতে বানৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে । ‘‘বিগত সময়ত সকলো নিয়ম ভংগ কৰি মই নিজে বান পৰিস্থিতি ভ্ৰমণ কৰি বুজ লৈছিলো আৰু ৪৫০ কোটি টকা দিয়া হ’ল মথাউৰী নিৰ্মাণেৰে বান সমস্যা সমাধানৰ বাবে । কংগ্ৰেছ বিপিএফে ৰাইজক ৰাম ঠগন দিলে বিগত সময়ত । আমি ৰেচন কাৰ্ড থকা লোকক আয়ুষ্মান কাৰ্ড দিলো । চৰকাৰী ঘৰৰ নামত কংগ্ৰেছ-বিপিএফে লুটিছে । আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যাৱতীয় উন্নয়ণ কৰিবলৈ সক্ষম হৈছো । এইবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’বই হ’ব । অসমত সুতা কম্বলৰ ৰাজনীতি চলিছিল কংগ্ৰেছৰ নেতৃত্বত ।’’- নিৰ্বাচনী প্ৰচাৰত এইসমূহ কথা উল্লেখ কৰে পীযুষ হাজৰীকাই ।

নিৰ্বাচনী প্ৰচাৰ (etv bharat assam)

মন্ত্ৰী পীযুষ হাজৰীকাই লগতে আৰু কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এই অঞ্চলৰ জংগলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে । আমি আগলৈ এই অঞ্চলত বন্দুক ৰাজ চলিব নিদিও । আমি সকলো জাতি-জনগোষ্ঠী ধৰ্মৰ লোক একেলগে থাকিব লাগিব । বিগত সময়ত বিপিএফে ভূমি পট্টা দিয়া নাছিল । কিন্ত আমি দিছো । আমি থকালৈ আপোনালোকক কোনেও উচ্ছেদ কৰিব নোৱাৰে । কোনো হত্যা-হিংসা, ধনদাবী ভাবুকি আমি দিবলৈ নিদিও । পূৰ্বতে অসমখন বন্ধ প্ৰদেশ আছিল । সদায় আন্দোলন, অসম বন্ধ হৈছিল । সেয়া সকলো বন্ধ হ’ল ।’’

অসমত এক লাখ ঊনৈশ হেজাৰ চাকৰি দিলো আকৌ ৫০ হেজাৰ চাকৰি দিম বুলি নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । কোকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী দুই লক্ষাধিক ভোটত জয়ী হ’ব বুলি কয় পীযুষ হাজৰীকাই । হাগ্ৰামা মহিলাৰীক কৌতুক অভিনেতা বুলি সকলোৱে জানে বুলিও কয় মন্ত্ৰীজনে ।

লগতে পঢ়ক :পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰিছে আজমলে; ৰকিবুল হুছেইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details