বঙাইগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বঙাইগাঁও, 1 মে’: ‘‘প্ৰিয়ংকা গান্ধী 10 বছৰৰ আগত আছিল ৷ এতিয়া প্ৰিয়ংকা গান্ধীৰ সেই জলৱা নাই ৷ ইয়াত এতিয়া প্ৰিয়ংকা গান্ধী নচলে’’- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷
উল্লেখ্য যে, বুধবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ লেংটিছিঙাত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত জয়ন্ত মল্ল বৰুৱাই অংশ লয় ৷
অগপৰ প্ৰাৰ্থীগৰাকী সমষ্টিবাসীয়ে দেখা নাই বুলি উঠা অভিযোগৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এইবাৰ সকলোৱে মোদীক ভোট দিব ৷ নিৰ্বাচনলৈ 10-15 দিন আছে ৷ সকলো অঞ্চললৈ জাভেদ ইছলাম যোৱাটো সম্ভৱ নহয় ৷ আমাৰ বিশ্বাস যে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিবৰ বাবে সকলোৱে জাভেদ ইছলামক ভোট দিব’’ ৷
আনহাতে, ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয় যে কাজিৰঙা, লাওখোৱা শেষ কৰি ধুবুৰীলৈ আহিছে । ৰকিবুল হুছেইনৰ সকলো ধুবুৰীবাসীয়ে বুজি পায় বুলি কয় মন্ত্ৰী মল্ল বৰুৱাই । তেওঁ কয় যে, ধুবুৰীত সংখ্যালঘুৰ ভোটেৰে বিজয়ী হ’ব বুলি ভাবিছে ৰকিবুল হুছেইনে ৷ ধুবুৰী চৰণীয়া পথাৰ নেকি বুলি প্ৰশ্ন কৰে জয়ন্ত মল্ল বৰুৱাই ৷
ধুবুৰীত শুকুৰ আলীয়েও জিকিব বুলি ভাবি থকা বুলি উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই ৷ গতিকে কোনে কি ভাবে ভাবি থাকক বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷ ইফালে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ নিজৰ সমষ্টিতে জিকিবনে নাই সন্দেহ আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ সেয়েহে অখিল গগৈয়ে সুৰক্ষিত সমষ্টি বিচাৰি থকা বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
লগতে পঢ়ক:2026 চনত বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম : অখিল গগৈ