লখিমপুৰ, ৫ এপ্রিল :"কংগ্রেছত পইচা উঠোৱা হ'লেই ভূপেন বৰা বিজেপি দললৈ আহিব । " এই মন্তব্য় মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ । শুকুৰবাৰে লখিমপুৰৰ ফুলবাৰীত দলীয় প্রার্থীৰ হৈ তেওঁ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সংবাদ মাধ্য়মৰ আগত এইদৰে কয় । প্ৰদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে তেওঁ সৰৱ হৈ পুনৰ কয়," প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা কেৱল পইচা উঠাবৰ বাবেহে কংগ্রেছ দলত আছে । পইচা উঠোৱা শেষ হ'লেই তেওঁ বিজেপি দললৈ আহিব । "
মন্ত্রী জয়ন্ত মল্লবৰুৱা পুনৰ কয়," ভূপেন বৰাই নিৰ্বাচনী কাম-কাজত গুৰুত্ব দিয়াৰ সলনি পইচা উঠোৱাৰ চেষ্টাতহে আছে । তেওঁৰ কথা কোনে বিশ্বাস কৰিব । পইচা উঠোৱা শেষ হ'লেই তেওঁ বিজেপিত যোগদান কৰিব । " ভূপেন বৰাক তীব্র আক্ৰমণ কৰি তেওঁ কয় যিয়ে টিকট দিয়াৰ নামত, হাৱালা কৰি পইচা উঠাই থাকে তেনে মানুহক ৰাজনীতি কৰিব বিচৰা মানুহে কেনেকৈ বিশ্বাস কৰিব । তেওঁ কেৱল চান্দা ল'বৰ বাবেহে কংগ্রেছ দলত আছে । কোন থাকিব তেওঁৰ লগত ।" ইপিনে,কংগ্রেছ প্ৰাৰ্থীগৰাকীকো সমালোচনা কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়," প্ৰাৰ্থীজন গেছ এজেন্সিৰ মালিক । তেওঁৰ এজেন্সিলৈ গ'লে মে আই কাম ইন বুলি অনুমতি লৈহে সোমাব লাগে । " তেনে এজন মানুহক ৰাইজে ভোট নিদিয়ে বুলি কয় মন্ত্রী বৰুৱাই ।