ETV Bharat Assam

অসম

assam

ETV Bharat / politics

বিজেপিয়ে ভীতিগ্ৰস্ত হৈ তেলীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি সোণোৱালক টিকট দিছে: লুৰিণজ্যোতি - Lurinjyoti Gogoi slams BJP

Lok Sabha election 2024: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিজেপিক তীব্ৰ সমালোচনা । ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰত্যকটো বিধানসভা সমষ্টিতেই বিজেপিৰ বিধায়ক থাৰ পিচতো শংকিত বিজেপি ।

Lok Sabha election 2024
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:47 PM IST

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

যোৰহাট, ৩ মাৰ্চ : "বিজেপিয়ে ভীতিগ্ৰস্ত হৈ বাৰে বাৰে ৰণকৌশল সলনি কৰি আছে ।" এই মন্তব্য় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । আজি যোৰহাটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে ভীতিগ্ৰস্ত হোৱা বাবেই সঘনাই ৰণকৌশল সলনি কৰিবলৈ বাধ্য় হৈছে । বৰ্তমান সময়ত বিজেপি দলটো ভীতিগ্ৰস্ত হৈছে আৰু ভৰিৰ তলৰ মাটি খহি পৰাৰ ভয়ত বিজেপিয়ে প্ৰত্যেক দিনাই ৰণকৌশল সলনি কৰিব লগা হৈছে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়," ডিব্ৰুগড় লোকসভা সমষ্টিটো ১০ টা বিধানসভা সমষ্টিৰে গঠিত । প্ৰত্যকটো বিধানসভা সমষ্টিতেই বিজেপিৰ বিধায়ক আছে । তদুপৰি দুজনকৈ মোদীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছে । তাৰ পিছতো বিজেপিয়ে ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি সৰ্বানন্দ সোণোৱালক টিকট প্ৰদান কৰিছে । ইয়াৰ পৰাই বুজা উচিত যে ৰামেশ্বৰ তেলী কিমান অকৰ্মণ্য় আৰু অদক্ষ ।"

তেওঁ পুনৰ কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ CAAৰ সময়ত ভূমিকা কি আছিল আৰু দ্বিতীয় বাৰবাবে মুখ্যমন্ত্ৰীৰ গাদী ধৰি ৰাখিব নোৱাৰা আদি বিষয়বোৰ ৰাইজে গম পাইছে ।

ইপিনে,দুই এদিনতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হ'ব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । তেওঁ পুনৰ কয় যে বিজেপিয়ে গণতন্ত্ৰ আৰু সংবিধানক সংকটলৈ ঠেলি কৰ-কাটল বৃদ্ধি আদি কৰি ধৰি নিবনুৱা সমস্যা আৰু ৰাইজৰ সমস্যা সমাধান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে । সেয়েহে এইবাৰ ৰাইজে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব আৰু ইয়াৰ প্ৰত্য়ুত্তৰ দিব বুলিও দাবী কৰে । তাৎপৰ্যপূণ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকেই যে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া আজি তেওঁৰ মন্তব্যতে আওপকীয়াকৈ প্ৰকাশ পালে ।

লগতে পঢ়ক:বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে নিস্তব্ধ-নিতাল বিৰোধী : মন্ত্রী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details