গুৱাহাটী, ৪ জুন: অন্ত পৰিল দীঘলীয়া অপেক্ষাৰ । আজি ভাগ্য নিৰ্ণয় হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ । ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাৰ ৫২ টা ভোটগণনা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা । ই ভি এমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ আজি ভাগ্য নিৰ্ণয় হ'ব । ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰস্তুতিৰে সাজু হৈছে নিৰ্বাচন আয়োগ ।
ভোটগণনাৰ যাৱতীয় ব্যৱস্থা :
ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত ৫২ টা ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । ভোটগণনা কেন্দ্ৰত ই ভি এমৰ ভোটৰ গণনাৰ উপৰিও পোষ্টেল বেলটৰ গণনা কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে ৫২ টা ভোটগণনা কেন্দ্ৰত ভোট গণনাৰ বাবে ১৫২ টা হলৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে ১৫২ টা হলত ভোট গণনাৰ বাবে মুঠ ১৯৪১ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে ডিফুৰ আমৰি সমষ্টিত সবাতোকৈ কম ১০ টা ৰাউণ্ডতে ভোটগণনা সমাপ্ত হ'ব । সেইদৰে জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টিত সৰ্বাধিক ২৮ টা ৰাউণ্ড হ'ব । বাকী সমষ্টি সমূহত ১০ ৰ পৰা ২৮ টা ৰাউণ্ডৰে ভিতৰতে ভোটগণনা হ'ব । ইফালে ভোটগণনাত নিয়োজিত হৈছে ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ । তদুপৰি নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কৰা হৈছে ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক । ইফালে পোষ্টেল বেলেটৰ সংখ্যা হৈছে ১,২৮,২৯৯ টা । অৱশ্যে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আনহাতে কিবা বিসংগতি ধৰা পৰা ই ভি এমৰ ক্ষেত্ৰত ভোটগণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচত সেইসমূহৰ গণনা কৰা হ’ব । ভি ভি পেট গণনা কৰা হ'ব ।
অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট :
অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল । দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হৈছিল । তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.২৫ শতাংশ, দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮১.১৭ শতাংশ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৮৫.৪৫ শতাংশ । মুঠ ১৪ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ । আনহাতে ধুবুৰীৰ বীৰসিং জাৰুৱা বিধানসভা সমষ্টিত সৰ্বাধিক ৯৪.১০ শতাংশ আৰু নিউ গুৱাহাটী বিধানসভা সমষ্টিত সৰ্বনিম্ন ৬৭.৯৩ শতাংশ ভোটদান হৈছিল । সেইদৰে লোকসভা সমষ্টি হিচাপত ধুবুৰী লোকসভা সমষ্টিত সৰ্বাধিক ৯২.০৮ শতাংশ আৰু লখিমপুৰ লোকসভা সমষ্টিত সৰ্বনিম্ন ৭৪.৪২ শতাংশ ভোটদান হৈছিল ।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেট জানিবলৈ ক্লিক কৰক-https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024
সমষ্টি অনুসৰি ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকল :
কাজিৰঙা সমষ্টিৰ ১১গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৯.৩৩ শতাংশ
- বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা
- কংগ্ৰেছৰ ৰ'জলীনা তির্কী
- ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা
- অসম জনমৰ্চাৰ চেলিম আহমেদ
- ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠৱালে) ছালেহ আহমেদ মজুমদাৰ
- ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ
- নিৰ্দলীয় আব্দুল হক
- নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী
- নির্দলীয় নিদীৱ জ্যোতি ভূঞা
- নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী
- নিৰ্দলীয় বিনোদ গগৈ
শোণিতপুৰ সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৮.৪৬ শতাংশ :
- কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু
- বিজেপিৰ ৰঞ্জিত দত্ত
- আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌণ্ডিন্য
- বি পি এফৰ ৰাজু দেউৰী
- বহুজন মহাপাৰ্টিৰ আলম আলী
- ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী
- গণ সুৰক্ষা পাৰ্টীৰ ৰিংকু ৰয়
- নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰী
লখিমপুৰ সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৬.৪২ শতাংশ :
- কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা
- বিজেপিৰ প্ৰদান বৰুৱা
- অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘন কান্ত চুতীয়া
- কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ ধীৰেণ কছাৰী
- ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু
- ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল বীৰেণ বাইলুং
- নিৰ্দলীয় গোবিন বিশ্বকর্মা
- নির্দলীয় দেৱ নাথ পাইট
- নিৰ্দলীয় বিক্ৰম ৰামচিয়াৰী