ETV Bharat / lifestyle

Christmas 2024ত ঘৰতে তৈয়াৰ কৰক এইকেইবিধ সুস্বাদু খাদ্য - CHRISTMAS SPECIAL DISHES

২৫ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বতে বৰদিনৰ উৎসৱ অতি আনন্দৰে পালন কৰা হয় । এই উপলক্ষে আজি ভাৰতৰ বিভিন্ন ঠাইৰ বৰদিনৰ কিছুমান খাদ্যৰ বিষয়ে জানো আহক-

Christmas Special Dishes
Christmas 2024ত ঘৰতে তৈয়াৰ কৰক এইকেইবিধ সুস্বাদু খাদ্য (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 23, 2024, 3:31 PM IST

প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনটোত যীচু খ্ৰীষ্টৰ জন্মদিনটো বৰদিন হিচাপে পালন কৰা এটা উৎসৱ যিটো দিনত মানুহে নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু আত্মীয়ক মৰম আৰু আনন্দৰে লগ পায় ৷ সমগ্ৰ বিশ্বতে ইয়াক অতি আনন্দৰে উদযাপন কৰা হয় ৷ গীৰ্জাত প্ৰাৰ্থনা কৰা, ঘৰ সজাই তোলা, উপহাৰ দিয়া আৰু সুস্বাদু খাদ্য প্ৰস্তুত কৰা এই উৎসৱৰ মূল পৰম্পৰা ৷

এই দিনটোত প্লাম কেক, কুকিজ, পাই আৰু মছলাযুক্ত ব্যঞ্জন বিশেষভাৱে তৈয়াৰ কৰা হয় ৷ ভাৰতত আপ্পাম আৰু ষ্টু, নেয়্যাপ্পাম, ফুগিয়াছ, গোৱান বেবিঞ্চা, বিন্দালু তৰকাৰী আৰু কুণ্ডা আদি পৰম্পৰাগত খাদ্যই এই উৎসৱক অধিক বিশেষ কৰি তোলে ৷ এই ব্যঞ্জনসমূহৰ বিষয়ে আজি জানো আহক-

বৰদিনৰ বাবে বিশেষ খাদ্য

গোৱাইয়ান বেবিঞ্চা: এই পৰম্পৰাগত গোৱা মিঠাই হৈছে নাৰিকল গাখীৰ, কণী আৰু ঘিউৰে তৈয়াৰী ৭ তৰপীয়া কেক ৷ ইয়াৰ কোমল টেক্সচাৰ আৰু মিঠা সোৱাদে ইয়াক বৰদিনৰ বাবে এক বিশেষ খাদ্য কৰি তোলে ৷

প্লাম কেক: শুকান ফল, বাদাম আৰু ৰামেৰে ভৰা এই কেকটো খ্ৰীষ্টমাছৰ গৌৰৱ ৷ ইয়াৰ অনন্য সোৱাদে এই উৎসৱক স্মৰণীয় কৰি তুলিছে ৷

নেয়্যাপ্পাম: কেৰেলাৰ এই পৰম্পৰাগত জলপান চাউলৰ আটা, গুড় আৰু নাৰিকলৰ পৰা প্ৰস্তুত কৰা হয় ৷ প্ৰতিখন ঘৰতে উৎসৱৰ মধুৰতা বৃদ্ধি কৰে ৷

আপ্পাম আৰু ষ্টু: নাৰিকল গাখীৰত প্ৰস্তুত কৰা চাউল আৰু চিকেন বা মাটন ষ্টুৰে তৈয়াৰী এই appam ৰ সংমিশ্ৰণ কেৰেলাৰ খ্ৰীষ্টমাছৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ মূল আকৰ্ষণ ৷

বিন্দালু কাৰী: গোৱাৰ এই মছলাযুক্ত গাহৰিৰ মাংস বা মুৰ্গী মাংস তৰকাৰীত ৱাইন আৰু ভিনেগাৰৰ এক অনন্য সোৱাদ থাকে, যাৰ বাবে ই বৰদিনৰ বাবে এক বিশেষ খাদ্য ৷

কুকিজ: বৰদিনৰ এই উৎসৱত প্ৰতিখন টেবুলত ৰঙীন কুকিজ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, যিবোৰ শিশুৰ বিশেষ প্ৰিয় ৷ এইবাৰো এইবোৰ চেষ্টা কৰি চাব লাগে ৷

চ’ৰপ’টেল: গোৱাৰ এই পৰম্পৰাগত মাংসৰ খাদ্য বিশেষভাৱে মছলাযুক্ত আৰু সুস্বাদু ৷ ইয়াক চান্না, পিলাফ আৰু সাধাৰণ ভাত আৰু ৰুটিৰ লগত খোৱা হয় ৷

কুণ্ডা: কৰ্ণাটকৰ এই ক্ৰীমযুক্ত মিঠা খাদ্য গাখীৰ, কাজু, আলমণ্ড আৰু চেনিৰে তৈয়াৰ কৰা হয় ৷ ইয়াৰ সৰলতাই ইয়াক বিশেষ কৰি তুলিছে ৷

ফুগিয়াছ: আটা, কণী, চেনি আৰু নাৰিকল গাখীৰৰ পৰা তৈয়াৰী ফুগিয়াছ হৈছে বৰদিনৰ বিশেষ খাদ্য যিটো তৰকাৰীৰ সৈতে পৰিবেশন কৰি সোৱাদ বৃদ্ধি কৰা হয় ৷

মাটন বিৰিয়ানী: হায়দৰাবাদ আৰু তামিলনাডুত তৈয়াৰ হোৱা মাটন বিৰিয়ানী বৰদিনৰ খাদ্যৰ এক বিশেষ অংশ ৷ ই খাবলৈ বৰ সোৱাদযুক্ত ৷

লগতে পঢ়ক: প্ৰিয় ব্যক্তিগৰাকীক এইভাৱে জনাওক জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.