বিশ্বনাথ, 30 জানুৱাৰী:এইবাৰৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক শতিকাৰ সৰ্ববৃহৎ অন্যায় যাত্ৰা আখ্যা দিলে অসম বিজেপিৰ ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায়ে । সমাগত নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্র ভাৰতত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছ দলটোক পুনৰ উত্থানৰ বাবে এক নতুন ৰণনীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালভাবে শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰখনক ইয়াৰ বিৰুদ্ধে প্ৰায়ে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷
এই সন্দৰ্ভত Etv Bharat Assamৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সোমবাৰে বিহালীত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি আশোক ভট্টৰায়ে প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, "কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশত চলা ভাৰত জোড়ো ন্যায় যাত্ৰা শতিকাৰ সৰ্ববৃহৎ অন্যায় যাত্ৰা । কাৰণ কংগ্ৰেছ চৰকাৰে 50 বছৰৰো অধিক কাল শাসন চলোৱাৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যি বিকাশ হৈছিল তাতকৈ অধিক বিকাশ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত থকা বিজেপিৰ চৰকাৰে কৰি দেখুৱাইছে ৷ তেওঁলোকৰ প্ৰথমটো কাৰ্যকালতে দেশৰ জনসাধাৰণে পোহৰ আৰু উন্নয়ন দেখা পাইছে । এই উন্নয়নৰ বিৰুদ্ধে যি যাত্ৰা কৰিছে এই যাত্ৰা অন্যায় যাত্ৰাৰ বাহিৰে আন একো নহয় ।"