অসম

assam

ETV Bharat / politics

বিহালী-চামগুৰিত পৰাজয়ে হাইকমাণ্ডৰ ওচৰত গুৰুত্ব বৃদ্ধি কৰিছে নেকি ভূপেন বৰাৰ ? - APCC PRESIDENT BHUPEN BORA

দিল্লীত গুৰুত্ব বৃদ্ধি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকিব ভূপেন বৰা ।

APCC President Bhupen Bora
ৰাহুল গান্ধীৰ সৈতে ভূপেন বৰাৰ ফাইল ফটো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 9:54 PM IST

নগাঁও :সন্মুখত পঞ্চায়ত নিৰ্বাচন । আৰু তাৰ পাছতেই আছে অসমৰ বিধানসভা নিৰ্বাচন । ইতিমধ্যেই অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ পাছতেই আগন্তুক পঞ্চা়য়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ যেন এতিয়াৰে পৰা সাজু হৈছে ৰাজনৈতিক দলসমূহ । ইয়াৰ মাজতেই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও কঁকালত টঙালি বান্ধিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনলৈ ।

শাসকীয় দল বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ এশখন আসন দখল কৰাৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি প্ৰায়বোৰ সভা-সমিতিতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গেৰুৱা দলটোৰ একাংশ নেতাই উল্লেখ কৰি আহিছে । কিন্তু ইয়াৰ সমান্তৰালকৈ বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বিৰোধী কংগ্ৰেছ ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বতেই ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ ৰণলৈ সাজু হৈছে কংগ্ৰেছ । ইতিমধ্য়েই দিল্লীত কংগ্ৰেছৰ দুই শীৰ্ষ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ সময়তেই ভূপেন বৰাক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি সাজু হ'বলৈ হাইকমাণ্ডে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে । এই বিষয়ে ইতিমধ্যেই সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

উল্লেখ্য যে অসম কংগ্ৰেছৰে এটা মহলে মাত্ৰ কেইদিনমান পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাক আঁতৰাবলৈ স্বাক্ষৰ অভিযান চলোৱাৰ লগতে বিভিন্ন কৌশল অৱলম্বন কৰাৰ কথা সৰ্বজনবিদিত । কিন্তু তাৰ পাছতো দিল্লীৰ হাইকমাণ্ডৰ ওচৰত গুৰুত্ব বৃদ্ধিহে পাইছে ভূপেন বৰাৰ । ইতিমধ্যে ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম নহ’ল এখনো আসন । ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত সমষ্টি দুটা আছিল নগাঁৱৰ চামগুৰি সমষ্টি আৰু বিশ্বনাথৰ বিহালী সমষ্টি ।

চামগুৰি বিধানসভা সমষ্টিত সমষ্টিটোৰ পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰি দিনে-নিশাই প্ৰচাৰত ব্যস্ত থকাৰ পাছতো পুত্ৰক জয়ী কৰাবলৈ সক্ষম হোৱা নাই ৰকিবুল হুছেইন । আনফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যৰ অসম সন্মিলিত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীক বঞ্চিত কৰি গৌৰৱ গগৈৰ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি গৌৰৱ গগৈয়ে জয়ী কৰাব পৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ।

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই দিল্লীত গুৰুত্ব বৃদ্ধি পাইছে ভূপেন বৰাৰ । ভূপেন বৰাৰ নেতৃত্বতেই অসমত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে কংগ্ৰেছ দল ।

পঞ্চায়ত নিৰ্বাচনত কি হ’ব বিৰোধী ঐক্যৰ মিত্ৰতা ?

আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যৰ মিত্ৰতাৰ বিপৰীতে কংগ্ৰেছে অকলেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক । এই সন্দৰ্ভত ইটিভি ভাৰতক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনোৱা মতে, "পঞ্চায়ত নিৰ্বাচনত কিছু কাৰিকৰী কাৰণত নহয় বিৰোধী ঐক্যৰ মিত্ৰতা ।" অৱশ্যে মিত্ৰতা নোহোৱাত কোনো ৰাজনৈতিক কাৰণ নাই বুলিও জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

মিত্ৰতাৰ ক্ষেত্ৰত কি হ’ব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ?

পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যৰ মিত্ৰতা নোহোৱাৰ সম্ভাৱনাই অধিক যদিও পৰৱৰ্তী ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰয়োজন সাপেক্ষে মিত্ৰতা হোৱাৰ ইংগিত দিয়ে ভূপেন বৰাই । অৱশ্যে এই সন্দৰ্ভত এতিয়াই কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলিও জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

মুঠৰ ওপৰত দিল্লীত ভূপেন বৰাৰ গুৰুত্ব বৃদ্ধি পোৱাত ভূপেন বৰাক আঁতৰোৱাৰ চেষ্টা কৰাসকলে যে মুখথেকেচা খাবলগীয়া হৈছে সেয়াও একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক :বিজেপিক শত্ৰু জ্ঞান কৰি পঞ্চায়তৰ যুঁজত নামিব বাওঁপন্থী
লগতে পঢ়ক :এজন ৰকিবুল হুছেইনৰ বাবে সমগ্ৰ মুছলমানক আঘাত দিব নালাগিছিল; ৰাইজৰ দলৰ নেতা

ABOUT THE AUTHOR

...view details