ETV Bharat / state

এডভান্টেজ আছাম : কুৱালালামপুৰত মালয়েছিয়াৰ চাৰি মন্ত্ৰীক সাক্ষাৎ মন্ত্ৰী কেশৱ মহন্তৰ - ADVANTAGE ASSAM SUMMIT

কুৱালালামপুৰত মালয়েছিয়াৰ চাৰি মন্ত্ৰীক সাক্ষাৎ কৰি এডভান্টেজ আছাম ২.০ ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় মন্ত্ৰী কেশৱ মহন্তই ।

ADVANTAGE ASSAM
মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপ-মন্ত্ৰী চিন টং লিউক সাক্ষাৎ মন্ত্ৰী কেশৱ মহন্তৰ (X@keshab_mahanta)
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 7:46 AM IST

গুৱাহাটী : ‘এডভান্টেজ আছাম ২.০’ ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ অংশ হিচাপে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে অন্তিম দিনা মালয়েছিয়াৰ চাৰিগৰাকীকৈ মন্ত্ৰীক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । মালয়েছিয়াত ভাৰতৰ উপ-উচ্চায়ুক্ত সুভাষিনী নাৰায়ননৰ সৈতে মন্ত্ৰী কেশৱ মহন্তই মালয়েছিয়াৰ ডিজিটেল বিভাগৰ মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্ৰী উইছন উগাক, বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ উপমন্ত্ৰী লিডু চিন টাঙৰ লগতে পৰ্যটন, কলা আৰু সংস্কৃতি উপ-মন্ত্ৰী খাইৰুল ফিৰডৌছ আকবৰ খানক সাক্ষাৎ কৰে ।

মন্ত্ৰী মহন্তই মালয়েছিয়াৰ সময় মতে পুৱা ৮.৩০ বজাতে প্ৰথমে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, ভাৰতীয় উচ্চায়োগৰ বাণিজ্য সচিব ড৹ অৰবিন্দ, অসমৰ পৰ্যটন সঞ্চালক ৰণোজ বৰকটকী, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন আৰু ফিক্কিৰ ছিংগাপুৰ অঞ্চলৰ সঞ্চালক নভিতা মায়েৰৰ সৈতে মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ (এম আই টি আই) দপ্তৰৰ উপমন্ত্ৰী লিউ চিন টঙক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত অসমত ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত ইতিমধ্যে ছেমিকণ্ডাক্টৰ খণ্ডত বহুখিনি আগবাঢ়ি যোৱা আছিয়ান দেশখনৰ পৰা সহায়-সমৰ্থন বিচৰাৰ লগতে ‘এডভান্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ অসম চৰকাৰৰ হৈ আমন্ত্ৰণ জনায় ।

এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ অন্যতম প্ৰমুখ বিষয় হিচাপে ছেমিকণ্ডাক্টৰ খণ্ডও থকাৰ বিষয়ে উল্লেখ কৰি মালয়েছিয়াৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধিসহ দেশখনৰ বাণিজ্য ক্ষেত্ৰখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল শীৰ্ষ সন্মিলনলৈ প্ৰেৰণৰ বাবে অসমৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় । ইয়াৰ পাছতে মালয়েছিয়াৰ ৰাজধানী কুৱালা লামপুৰৰ পুত্ৰজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি মন্ত্ৰণালয়ত দেশখনৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপ-মন্ত্ৰী খাইৰুল ফিৰডউছ আকবৰ খানক সাক্ষাৎ কৰি অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিনিয়োগ আৰু আন্তঃগাথঁনি শীৰ্ষ সন্মিলনখনলৈ অসম চৰকাৰৰ হৈ মন্ত্ৰী মহন্তই আমন্ত্ৰণ জনায় ।

ADVANTAGE ASSAM
কুৱালালামপুৰত মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

সাক্ষাতৰ সময়ত মালয়েছিয়াৰ পৰ্যটন উপমন্ত্ৰীগৰাকীৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে বিতং ভাৱে আলোচনা কৰাৰ লগতে পৰ্যটক উপমন্ত্ৰীগৰাকীক মালয়েছিয়াৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়া-প্ৰতিনিধিৰ দলসহ অসম ভ্ৰমণৰ বাবে মন্ত্ৰী মহন্তই আহ্বান জনায় । এই আহ্বানৰ প্ৰতি মালয়েছিয়াৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপ-মন্ত্ৰীগৰাকীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়ায় । ইফালে মালয়েছিয়া চৰকাৰৰ তথ্য-প্ৰযুক্তি খণ্ডক প্ৰতিনিধিত্ব কৰা ডিজিটেল মন্ত্ৰী গোবিন্দ সিংহ দেউৰ লগতে ডিজিটেল উপ-মন্ত্ৰী উইছন উগাকো কুৱালা লামপুৰস্থিত ডিজিটেল মন্ত্ৰণালয়ত সৌজন্যমূলক সাক্ষাৎ কৰি আগন্তুক 'এডভাণ্টেজ আছাম ২.০' শীৰ্ষ সন্মিলনলৈ অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে মন্ত্ৰী মহন্তই নিমন্ত্ৰণ জনায় । এই সাক্ষাতৰ পাছতে ডিজিটেল মন্ত্ৰালয়ত মালয়েছিয়াৰ ডিজিটেল উপ-মন্ত্ৰী উগাকৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য-প্ৰযুক্তি খণ্ডত সহযোগিতা-সমৰ্থনৰ বিষয়ে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

নতুন যুগৰ তথ্য-প্ৰযুক্তি আৰু ছ'ফ্টৱেৰ, ডাটা চেণ্টাৰ, ডাটা প্ৰটেকচন, চাইবাৰ চিকিউৰিটি, ক্লাউড নেটৱৰ্কিং, ৫জি-৬জি প্ৰযুক্তি আদি বিষয়ত আলোচনা হোৱাৰ লগতে অসমত ডিজিটেল খণ্ডত মালয়েছিয়াৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণৰ সম্ভাৱনাকলৈও মালয়েছিয়া আৰু অসমৰ মন্ত্ৰীদ্বয়ে মত বিনিময় কৰে । ডিজিটেল তথা তথ্য-প্ৰযুক্তি খণ্ডও আসন্ন 'এডভাণ্টেজ আছাম'ৰ অন্যতম প্ৰমুখ বিষয় হিচাপে ডিজিটেল তথা তথ্য-প্ৰযুক্তি খণ্ডও সন্নিৱিষ্ট হোৱাৰ বিষয়ে অৱগত কৰি মালয়েছিয়াৰ ডিজিটেল খণ্ডৰ প্ৰতিনিধি তথা বিনিয়োগকাৰীৰ দলক বিনিয়োগ আৰু আন্তঃগাথঁনি শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মন্ত্ৰালয়ৰ ফালৰ পৰাও উৎসাহিত কৰিবলৈ ডিজিটেল উপ-মন্ত্ৰীগৰাকীক আলোচনা কালত অসমৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় ।

বিয়লি মন্ত্ৰী কেশৱ মহন্তই মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰালয় ভ্ৰমণকালত ডিজিটেল মন্ত্ৰালয় চৌহদস্থিত '৫জি প'ৰ্টেল' শীৰ্ষক অত্যাধুনিক ডিজিটেল প্ৰদৰ্শনী কক্ষটো পৰিদৰ্শন কৰে ৷ নতুন যুগৰ তথ্য-প্ৰযুক্তিয়ে যোগাযোগৰ ক্ষেত্ৰখনলৈ অনা ব্যাপক পৰিবৰ্তনৰ সমান্তৰালকৈ দৈনন্দিন জীৱনযাত্ৰাৰ প্ৰতিটো দিশকে ইতিবাচক দিশত গতিশীল ৰূপ প্ৰদানৰ দিশত ৫-জি প্ৰযুক্তিয়ে কঢ়িয়াই অনা অপাৰ সম্ভাৱনাক সুন্দৰভাৱে এই প্ৰদৰ্শনী কক্ষত দাঙি ধৰা হৈছে বুলি মন্ত্ৰী মহন্তই মতপোষণ কৰে ।

লগতে পঢ়ক: এডভাণ্টেজ আছাম: মুখ্যমন্ত্ৰীৰ পূৰ্বে বিদেশলৈ বিনিয়োগ বিচাৰি মন্ত্ৰীবৃন্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.