ডিব্ৰুগড়, 8 এপ্ৰিল : বিজেপিত যোগদান কৰা পিচতেই হিমন্ত বিশ্ব শৰ্মাৰ চি বি আই আৰু ই ডিৰ গোচৰ শেষ ৷ এই অভিযোগ কৰিছে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাই ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰিছে আতিশী মাৰ্লেনাই ৷ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লগত লৈ দুলীয়াজানৰ ৰাজপথত সোমবাৰে বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ দুলীয়াজান ৰে'লৱে ষ্টেচনৰ পৰা কেন্দ্ৰীয় শ্বহীদ বেদীলৈকে শোভাযাত্ৰা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
সাংবাদিকৰ আগত আতিশী মাৰ্লেনাই কয় যে, অসমৰ ৰাইজে আম আদমী দলক আশীৰ্বাদ দি আহিছে ৷ অসমৰ ৰাইজে দেখি আহিছে বিজেপিয়ে মিছা গোচৰ জাপি দি অৰবিন্দ কেজৰিৱালক জেলত ভৰাইছে ৷ অসমৰ ৰাইজে এয়াও দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিজেপিয়ে কেচ কৰিছিল, কিন্তু যেতিয়া তেওঁ বিজেপিত যোগদান কৰিলে সকলো চি বি আই, ই ডিৰ গোচৰ শেষ হৈ গ'ল ৷ কিন্তু অৰবিন্দ কেজৰিৱালক বিজেপিৰ বিৰুদ্ধে কথা কোৱাৰ বাবে জেলত ভৰাইছে ৷ বিজেপিয়ে অৰবিন্দ কেজৰিৱালৰ কামক ভয় কৰে ৷ অৰবিন্দ কেজৰিৱালে ভাল স্কুল, ভাল চিকিৎসালয় বনাইছে; সেয়েহে বিজেপিয়ে ভয় কৰিছে ৷ অৰবিন্দ কেজৰিৱাললৈ অসম আৰু ডিব্ৰুগড়ৰ ৰাইজৰ ভাল পোৱা আছে ৷ সেয়ে এইবাৰ লোকসভা নিৰ্বাচনত অসমত আম আদমী দলে খাতা খুলিব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে ভাল স্কুল, ভাল চিকিৎসা আৰু সাধাৰণ ৰাইজৰ বাবে যাতে কাম কৰিব পাৰে তাৰ বাবে ডিব্ৰুগড়ৰ ৰাইজক আম আদমী দলক ভোটদান কৰিবলৈ আহ্বান জনায় দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই ৷