আমগুৰি, 24 জানুৱাৰী: ৰঙালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি লোকসভা নিৰ্বাচন 14 এপ্ৰিলৰ আগত সমাপ্ত কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ব’হাগ বিহু যাতে অসমৰ ৰাইজে সুন্দৰকৈ উদযাপন কৰিব পাৰে, তাৰ বাবে বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰ্বাচন আয়োগক আহ্বান জনাইছে ৷ বুধবাৰে নাজিৰাত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে এই মুহূৰ্ততো অসম বিজেপিৰ কোনোধৰণৰ অসুবিধা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷ নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ প্ৰসংগত ড৹ শৰ্মাই কয়, ‘‘অৰুণোদয় আঁচনি ৰাজনীতিৰ লগত লিংক কৰা নাই ৷ কিন্তু প্ৰত্যেক বছৰেই অৰুণোদয়ত কিবা এটা নতুনত্ব আহে ৷ গতিকে এইবাৰৰ বাজেটতো ৰাইজে নতুনত্ব পাব ৷ কিন্তু নিৰ্বাচন বুলি অৰুণোদয়ৰ একো নকৰোঁ ৷ হিতাধিকাৰীক ৰাজনীতিকৰণ নিবিচাৰোঁ ৷’’
ৰাহুল গান্ধীৰ নেতৃত্বত অসমত অব্যাহত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে বটদ্ৰৱাত সোমাবলৈ তেওঁলোকে ইমান হুলস্থূল কৰিলে, কিন্তু ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত কিয় এক মিনিটো নৰ’ল ?