অসম

assam

ETV Bharat / politics

অৰুণাচলত বিজেপিৰ খহনীয়া, ৪ জনৰ পদত্যাগ

BJP Leaders Resigns : পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত বিজেপিৰ জিলা সম্পাদকৰ লগতে মণ্ডল পৰ্যায়ৰ মুঠ 4 জনৰ পদত্যাগ ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টিত ঘটিছে এই দলত্যাগৰ ঘটনা ৷

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:01 PM IST

BJP Leaders Resigns
টাৱাঙত বিজেপি দলত খহনীয়া

তেজপুৰ, 5 ফেব্ৰুৱাৰী : পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত বিজেপি দলত খহনীয়া ৷ বিজেপিৰ জিলা সম্পাদকৰ লগতে মণ্ডল পৰ্যায়ৰ মুঠ 4 জনৰ পদত্যাগ পত্ৰ দাখিল ৷ ইয়াৰ পিচতে জিলা বিজেপিত লাগিছে হাহাকাৰ ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টিতে ঘটিছে এই অঘটন ৷

টাৱাঙত বিজেপিৰ জিলা সম্পাদকৰ লগতে মণ্ডল পৰ্যায়ৰ মুঠ 4 জনৰ পদত্যাগ

জানিব পৰা মতে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ জিলা সম্পাদক জাম্পা চেৰিঙে জিলা সভাপতিলৈ লিখা পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে জিলাখনত বিজেপি দলে ৰাইজৰ হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ চেষ্টা কৰা নাই যাৰ ফলত দলৰ প্ৰতি আস্থা হেৰুৱাই তেওঁ এই পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ আনহাতে একে সমষ্টিৰে জিলা বিজেপিৰ এছ টি মৰ্চাৰ সম্পাদক আৰু মণ্ডল বিজেপিৰ সভাপতি আৰু উপ-সভাপতি তিনিওজনে জিলা সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ তেওঁলোকে উল্লেখ কৰিছে যে বিজেপিয়ে দুখীয়া, দৰিদ্ৰ জনসাধাৰণৰ বাবে জনহিতকৰ কাম কৰাৰ পৰিবৰ্তে ধনী শ্ৰেণীৰ লোকৰ মাজত হে সীমাবদ্ধ হৈ আছে ৷

উল্লেখ্য যে, ৰাইজৰ পক্ষত নথকাৰ বাবে আটাইকেইজন নেতাই পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হৈ পৰে বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ৰাজনীতি বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত দল বাগৰাৰ কথা কোনো নতুন নহয় ৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ এই ঘটনা স্বয়ং মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গৃহ জিলা আৰু সমষ্টিত এই খহনীয়াৰ এক সুকীয়া গুৰুত্ব আছে ৷ অৰুণাচল প্ৰদেশৰ বিভিন্ন সময়ত এই দল ত্যাগৰ ঘটনাই পূৰ্বতে ৰাজ্যৰ ৰাজনীতিত আউল লগায় ৷ ফলস্বৰূপে নতুন ৰাজনৈতিক নেতা বা অন্য দলৰ আগ্ৰাসন প্ৰকট হৈ পৰে ৷

আনহাতে ইয়াৰ ফলত হয়তো আন কোনো নতুন দলে গা কৰি উঠাৰো ইংগিত বহন কৰে ৷ উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচন আগন্তুক লোকসভা নিৰ্বাচনৰ সময়তে অনুষ্ঠিত হ’ব ৷ যাৰ বাবে দলীয় কৰ্মীৰ মাজত চলিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷

লগতে পঢ়ক :দল বাগৰি বাগৰি এইবাৰ অৱশেষত বিজেপিত ফুলিলগৈ কমল

ABOUT THE AUTHOR

...view details