অসম

assam

ETV Bharat / politics

কেবিনেট বা বিধানসভাৰ প্ৰস্তাৱ কেন্দ্ৰৰ বাবে কিয় বাধ্যতামূলক নহয়

JK Statehood Restoration Proposal : পুডুচেৰী বিধানসভাই ১৯৭২ চনৰ পৰা ১৫ টা প্ৰস্তাৱ গৃহীত কৰিছে তথাপিও ৰাজ্যৰ মৰ্যাদা এতিয়াও লাভ কৰা নাই ।

By Moazum Mohammad

Published : 5 hours ago

JK Statehood Restoration Proposal
জম্মু-কাশ্মীৰ বিধানসভাৰ কেবিনেট বৈঠক (ANI)

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত ওমৰ আব্দুল্লাৰ নেতৃত্বত নৱনিৰ্বাচিত চৰকাৰৰ কেবিনেট বৈঠকত জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ওভতাই দিয়াৰ বাবে এক প্ৰস্তাৱ গৃহীত হয় ।

উল্লেখ্য যে ২০১৯ চনৰ আগষ্টত পূৰ্বৰ ৰাজ্যখনক কেন্দ্ৰীয়শাসিত অঞ্চললৈ অৱনমিত কৰা হয় আৰু লাডাখক পৃথক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় । লগতে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰা হয় । তেতিয়াৰে পৰা কেন্দ্ৰীয় শাসিত অঞ্চলটো প্ৰত্যক্ষ কেন্দ্ৰীয় শাসনৰ অধীনত আছিল আৰু লেফটেনেণ্ট গভৰ্ণৰে কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি আছিল ।

আনহাতে, সদ্যসমাপ্ত নিৰ্বাচনত জয়লাভেৰে ওমৰ আব্দুল্লা কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হয় । ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুন মাহত পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টী-ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পতনৰ পিচৰে পৰা জম্মু-কাশ্মীৰ ৰাষ্ট্ৰপতি শাসনৰ অধীনত আছিল ।

কিন্তু নেচনেল কনফাৰেন্সে ৪২ খন আসন লাভ কৰি নিৰ্বাচনত জয়লাভ কৰাৰ পিচত আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ ছয় আৰু পাঁচজন নিৰ্দলীয় বিধায়কে নেচনেল কনফাৰেন্সক সমৰ্থন জনোৱাৰ পিচত ১১ অক্টোবৰত আব্দুল্লাই চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ পিচত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয় ।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ ঠিক দ্বিতীয়দিনা, আব্দুল্লাৰ কেবিনেটে কেন্দ্ৰীয়শাসিত অঞ্চলটোলৈ ৰাজ্যৰ মৰ্যাদা পুনৰ ওভতাই দিয়াৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰে । আনহাতে, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত ইয়াৰ খচৰা দাখিল কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ৱায়নাড় উপ-নিৰ্বাচন: 23 অক্টোবৰত মনোনয়ন দাখিলৰ সম্ভাৱনা প্ৰিয়ংকা গান্ধীৰ

কিন্তু আইনীভাৱে ক'বলৈ গ'লে কেন্দ্ৰই ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নহয় । নিজৰ নিৰ্বাচনী ইস্তাহাৰত নেচনেল কনফাৰেন্সে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে চেষ্টা কৰাৰ উপৰি ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল ।

আইন বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰীয়শাসিত অঞ্চলটো জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনৰ দ্বাৰা পৰিচালিত হয় । ই নিৰ্বাচিত চৰকাৰক অতি সীমিত ক্ষমতা প্ৰদান কৰে । পূৰ্বৰ চৰকাৰৰ প্ৰতিনিধি তথা এগৰাকী প্ৰাক্তন জ্যেষ্ঠ আইন বিষয়াই যুক্তি দিয়ে যে কেবিনেটৰ সিদ্ধান্তবোৰ কেৱল চৰকাৰৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়বোৰৰ ওপৰতহে বাধ্যতামূলক ।

"সিদ্ধান্তটো কেন্দ্ৰীয় চৰকাৰৰ বাবে বাধ্যতামূলক নহয় ।" বিষয়াজনে কয় । "ইয়াক অনুসৰণ কৰিবনে নকৰে সেয়া তেওঁলোকৰ বিবেচনাৰ ওপৰত নিৰ্ভ কৰে । কিন্তু ই এক ৰেফাৰেন্স পইণ্ট হিচাপে কাম কৰিব আৰু ৰাজনৈতিক আৰু সাংকেতিক দুয়োটা ৰেফাৰেন্স পইণ্ট হিচাপে ইয়াৰ নিজা মূল্য আছে । ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যৰ ওপৰত প্ৰতিশ্ৰুতি পালন কৰিবলৈ কেন্দ্ৰৰ ওপৰত চাপ সৃষ্টি কৰা । কিন্তু চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰে ।" প্ৰাক্তন জ্যেষ্ঠ আইন বিষয়াগৰাকীয়ে কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে সংসদকে ধৰি বিভিন্ন স্থানত বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে যে জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ'ব । অনুচ্ছেদ ৩৭০ বাতিলৰ সাংবিধানিক বৈধতা বাহাল ৰাখি উচ্চতম ন্যায়ালয়েও জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে নিৰ্দেশ দিছিল । কিন্তু তাৰ বাবে অৱশ্যে কোনো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নাই ।

ৰাজ্যিক বিধান পৰিষদৰ দৰে বিধানসভাৰ ক্ষমতা হ্ৰাস কৰা হয় আৰু আইন-শৃংখলা, কাৰাগাৰ, ন্যায় আদিৰে গঠিত মুখ্য দপ্তৰটো ইয়াৰ ক্ষেত্ৰৰ পৰা বাদ দিয়া হৈছে । এই পৰিৱৰ্তনবোৰৰ বাবে ক্ষমতাসীন নেচনেল কনফাৰেন্সে জম্মু-কাশ্মীৰক আগষ্ট, ২০১৯-ৰ পূৰ্বৰ স্থিতি বিচাৰি অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বিৰুদ্ধে বিধানসভাৰ প্ৰথম বৈঠকত এটা প্ৰস্তাৱ গৃহীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু আইন বিশেষজ্ঞ তথা ৰাজ্যিক বিধানসভাৰ এগৰাকী প্ৰাক্তন অধ্যক্ষই কৈছে যে সদনৰ প্ৰস্তাৱসমূহ কেন্দ্ৰৰ বাবে বাধ্যতামূলক নহয় । "বিধানসভাই মানুহৰ ইচ্ছা প্ৰতিফলিত কৰে, কিন্তু মোদী চৰকাৰক ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য নকৰে ।" নাম প্ৰকাশ নকৰাৰ চৰ্তত শাসকীয় দলৰ এগৰাকী বিধায়কে কয়, কিয়নো তেওঁৰ এই বিষয়ত মন্তব্য ৰাখিবলৈ কৰ্তৃত্ব নাই ।

২০০০ চনৰ জুন মাহত ফাৰুক আব্দুল্লাৰ নেতৃত্বত চৰকাৰৰ সময়ত বিধানসভাই গৃহীত কৰা স্বায়ত্তশাসন প্ৰস্তাৱৰ উদ্ধৃতি দি তেওঁ ব্যাখ্যা কৰে যে তেতিয়াৰ এন ডি এ চৰকাৰে ইয়াক গ্ৰহণ কৰা নাছিল । "কিন্তু ই ভৱিষ্যতৰ বাবে এক ঐতিহাসিক দস্তাবেজ আৰু ৰেফাৰেন্স পইণ্ট হৈ আছে, যদিও সেই সময়ৰ বিজেপি চৰকাৰে ইয়াক গ্ৰহণ কৰা নাছিল ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

এগৰাকী প্ৰাক্তন চৰকাৰী পৰামৰ্শদাতাই কয় যে অনুচ্ছেদ ৩৭০ সন্দৰ্ভত বিধানসভাৰ পৰামৰ্শসমূহৰ কোনো আইনী বৈধতা নাই । কিন্তু ই আন ৰাজ্যৰ কেইবাটাও গোচৰৰ উদ্ধৃতি দি জনসাধাৰণৰ আৱেগ প্ৰতিফলিত কৰিব পাৰে ।

তেনে এটা গোচৰৰ ভিতৰত আছে পুডুচেৰী কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা । শেহতীয়াভাৱে ২০২৪ চনৰ আগষ্ট মাহত ৰাজ্যৰ মৰ্যাদাৰ বাবে পুডুচেৰী বিধানসভাই এক প্ৰস্তাৱ গৃহীত কৰিছিল । যাৰ ফলত এতিয়ালৈকে এই সন্দৰ্ভত গ্ৰহণ কৰা মুঠ প্ৰস্তাৱ ১৫ টালৈ বৃদ্ধি হৈছে । সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ বাবে আহ্বান জনাই কয় যে পুডুচেৰীক ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী ১৯৭২ চনৰ পৰা কৰা হৈছে, কিন্তু কেন্দ্ৰই কোনো পেনেল গঠন কৰা নাই ।

"পুডুচেৰী কেন্দ্ৰীয়শাসিত অঞ্চলেই আছিল, কিন্তু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চললৈ অৱনমিত কৰা হৈছে । সেয়েহে আমি আমাৰ পৰা কাঢ়ি লোৱা অধিকাৰহে বিচাৰি আছো, নতুন কিবা নহয় ।" এগৰাকী বিধায়কে কয় । "কিন্তু আমিও স্বীকাৰ কৰো যে এই প্ৰস্তাৱৰ কোনো আইনী বৈধতা নাই, কিন্তু ই ২০১৯ চনৰ আগষ্ট মাহৰ পূৰ্বলৈকে আমাৰ যি স্থিতি আছিল তাক পুনৰুদ্ধাৰ কৰিবলৈ নতুন দিল্লীৰ ওপৰত চাপ সৃষ্টি কৰিব ।"

ইয়াৰ বিপৰীতে বিৰোধীয়ে কেবিনেটৰ পূৰ্ণ ৰাজ্যৰ প্ৰস্তাৱক সমালোচনা কৰিছে আৰু ইয়াক অনুচ্ছেদ ৩৭০ ৰ বিৰুদ্ধে বুলি বিবেচনা কৰি বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু নেচনেল কনফাৰেন্সৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে তেওঁলোকে অধিবেশন আহ্বান কৰাৰ সময়ত বিধানসভাত প্ৰস্তাৱটো গৃহীত কৰাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে ।

ইয়াৰ মাজতে এন চি বিধায়ক মুবাৰক গুলক বিধানসভাৰ প্ৰথম অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু ২১ অক্টোবৰৰ আবেলি তেওঁ শপতগ্ৰহণৰ তদাৰক কৰিব । "বহুসময় বাকী আছে । বিৰোধীয়ে ধৈৰ্যশীল হোৱা উচিত ।" কেবিনেটত পূৰ্ণ ৰাজ্যৰ প্ৰস্তাৱক সমৰ্থন কৰি এন চি নেতাগৰাকীয়ে কয় ।

লগতে পঢ়ক :অৱশেষত মুকলি আকাশৰ তললৈ ওলাল দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বুজাবুজি সমাপ্ত: ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details