নেশ্যনেল ডেস্ক, ২ মে’ :গৰমে দহিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে তাপমাত্ৰা ৷ বৰ্ধিত তাপমাত্ৰাৰ প্ৰতি লক্ষ ৰাখি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময় এক ঘন্টা বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে উল্লেখ কৰা অনুসৰি, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ নতুন সময় হ’ব পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৷ পূৰ্বৰে ইয়াৰ সময়সীমা আছিল পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ । অৱশ্যে আমি উল্লেখ কৰা ৰাজ্যখন অসম নহয়, তেলেংগানাহে ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, ৰাজ্যৰ ১৭ খন লোকসভাৰ আটাইকেইখন আসনৰ বাবে অহা ১৩ মে’ত ৭টা পৰ্যায়ৰ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আয়োগে জাৰি কৰা এক অধিসূচনা অনুসৰি, ভোটদানৰ বৰ্ধিত সময় ১২ টা লোকসভা সমষ্টিৰ সকলো বিধানসভা খণ্ডতে প্ৰযোজ্য হ’ব ৷ অৱশ্যে বাকী পাঁচখন সংসদীয় আসনতো এই সময়সীমা বিধানসভা খণ্ডত প্ৰযোজ্য হ’ব ।
শেহতীয়া খবৰ অনুসৰি, কৰিমনগৰ, নিজামাবাদ, জহিৰাবাদ, মেদক, মলকাজগিৰি, ছেকেন্দ্ৰাবাদ, হায়দৰাবাদ, চেভেলা, মহাবুবনগৰ, নগৰকুৰনুল (এছ চি), নলগোণ্ডা আৰু ভংগীৰ লোকসভা আসনত ভোটদানৰ সময় পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ’ব বুলি জানিব পৰা গৈছে ।