অসম

assam

ETV Bharat / politics

60 বছৰীয়া শাসন কালত কংগ্ৰেছে থানবান কৰা দেশৰ অৰ্থনীতি উদ্ধাৰ কৰিছে মোদীয়ে: সোণোৱাল - Sarbananda Sonowal slams congress

Sarbananda Sonowal in Nagaon: নগাঁৱত বিজেপিৰ বলিদান দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কংগ্ৰেছক কটাক্ষ সোণোৱালৰ । 60 বছৰীয়া শাসনকালত দেশৰ শাসন ব্যৱস্থাক কংগ্ৰেছে মষিমূৰ কৰিলে বুলি মন্তব্য সোণোৱালৰ ৷

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 7:26 PM IST

Sarbananda Sonowal in Nagaon
Sarbananda Sonowal slams congress (ETV Bharat Assam)

নগাঁও, 23 জুন: "কংগ্ৰেছৰ 60 বছৰীয়া শাসনকালত শাসনব্যৱস্থা ধৰাশায়ী হ'ল, ভাৰাক্ৰান্ত হ'ল, দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে শাসনব্যৱস্থাক কালিমা সানিলে । কিন্তু পৰিৱৰ্তন একোৱেই কৰিব নোৱাৰিলে ।" এই মন্তব্য জাহাজ, বন্দৰ, জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । দেওবাৰে নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে আয়োজন কৰা বলিদান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কটাক্ষ কৰাৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

কংগ্ৰেছক কটাক্ষ সোণোৱালৰ (ETV Bharat Assam)

লগতে পঢ়ক:সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদ্গীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! - Himanta Biswa Sarma

20 লাখ কোটি টকাৰ কেলেংকাৰীত জড়িত হৈ বিগত 60 বছৰে কংগ্ৰেছ আৰু মিত্ৰদলে দেশৰ সম্পদ, সম্ভাৱনা নিঃশেষ কৰা বুলি উল্লেখ কৰে সোণোৱালে ৷ তেওঁ কয় যে সৌভাগ্যবশতঃ নৰেন্দ্ৰ মোদীক ৰাইজে শাসনৰ দায়িত্ব প্ৰদান কৰাৰ পাচতেই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি স্বচ্ছ আৰু নিকা নীতিৰে দেশৰ প্ৰতিগৰাকী নাগৰিকক মৰ্যাদাসহকাৰে অধিকাৰ ভোগ কৰাৰ সুযোগ দিছে ।

লগতে পঢ়ক:ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি - Bye Election Assam

কংগ্ৰেছে থানবান কৰি থৈ যোৱা দেশৰ অৰ্থনীতিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 নম্বৰ স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত কৰি সফলতা অর্জন কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে নগাঁও জিলা বিজেপিয়ে আয়োজন কৰা বলিদান দিৱসত অংশগ্ৰহণ কৰি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শৰে আগুৱাই গ’লে তেওঁক সদায় জীয়াই ৰাখিব পৰা যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বলিদান দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ জিলা বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:খিলঞ্জীয়া মানুহে ভোট নিদিলে সোণোৱালক: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi slams BJP

ABOUT THE AUTHOR

...view details