ETV Bharat / state

জলবিস্ফোৰণ : খাৰঘূলিৰ ২৩ টা পৰিয়াললৈ ১১৯৬৫০০ টকাৰ ক্ষতিপূৰণ - GUWAHATI WATER PIPE BURST

খাৰঘুলিৰ জলবিস্ফোৰণ ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য । ক্ষতিপূৰণ দিয়াৰ তালিকা প্ৰকাশ জল বোৰ্ডৰ । কাৰ বাবে কিমান ?

Relief to families affected by Kharghuli water blast
জলবিস্ফোৰণ ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 10:17 AM IST

গুৱাহাটী: গুৱাহাটীৰ খাৰঘুলিৰ জলবিস্ফোৰণ ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য । মুঠ ১১,৯৬,৫০০ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে ক্ষতিগ্ৰস্ত ২৩ টা পৰিয়াললৈ । ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ তালিকা প্ৰকাশ কৰে গুৱাহাটী জল বোৰ্ডে । ঘটনাৰ দিনাই অৰ্থাৎ বৃহস্পতিবাৰে চাৰিটা পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছিল । ২৩ টা পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে ।

উল্লেখ্য যে গুৱাহাটীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ ফুটি বৃহস্পতিবাৰে পুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ফলত বিপদাপন্ন হৈ পৰে বহু পৰিয়াল । ঘৰ তথা সম্পত্তি তচনচ হৈ পৰা অঞ্চলটোৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ গুৱাহাটী জল বোৰ্ডে বৃহস্পতিবাৰে নিশাই ক্ষতিপূৰণ দিয়ে । আক্ৰান্তসকলৰ মাজৰ ৪ টা পৰিয়াললৈ জল বোৰ্ডে ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিছিল ।

বৃহস্পতিবাৰে নিশাই গুৱাহাটীৰ মেয়ৰ মৃগেণ শৰণীয়াই ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক এই ক্ষতিপূৰণ প্ৰদান কৰিছিল । জাইকাৰ 'জলবোমা’ত বিধ্বস্ত পৰিয়ালসমূহৰ ভিতৰত আনোৱাৰ হুছেইন, আবু ফাতেহ আহমেদ, মৌমিন শ্বেখ আৰু বিনীতা দাসৰ পৰিয়ালক ১.২০ লাখ টকাকৈ মুঠ ৪.৮০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হৈছিল । পুনৰ ২৩ টা পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে ।

সেই অনুসৰি -

Relief to families affected by Kharghuli water blast
জলবিস্ফোৰণ ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য (ETV Bharat Assam)
  • আনোৱাৰ হুছেইনলৈ ৫ হাজাৰ টকা,
  • আব্দুল ফাৰুকলৈ ৫ হাজাৰ টকা,
  • মহম্মদ মুছতাফালৈ ৫ হাজাৰ টকা,
  • ছদ্দাম আলমলৈ ৫ হাজাৰ টকা,
  • ৱাহিদা বেগমলৈ ১.২৫ লাখ টকা,
  • ৰাজু কাজিলৈ ৫ হাজাৰ টকা,
  • কমলা দেৱীলৈ ৫ হাজাৰ টকা
  • ৰাজল আলীলৈ ৫ হাজাৰ টকা
  • আবু ফাতেহ আহমেদলৈ ৫ হাজাৰ টকা,
  • আবু জাকিৰ আহমেদলৈ ৫ হাজাৰ টকা,
  • টুনটুনি দাসলৈ ১.২৫ লাখ টকা,
  • ৰাধিকা দাসলৈ ১.২৫ লাখ টকা,
  • মানি বৰ্মনলৈ ১.২৫ লাখ টকা,
  • টিংকু দাসলৈ ১.২৫ লাখ টকা,
  • মৌমিন শ্বেখলৈ ৫ হাজাৰ টকা,
  • মাৰফট আলীলৈ ৫ হাজাৰ টকা,
  • ফাগুনি ডেকালৈ ১.২৫ লাখ টকা,
  • বিনীতা দাসলৈ ৫ হাজাৰ টকা,
  • পূৰ্ণপ্ৰসাদ উপাধ্যায়লৈ ১.২৫ লাখ টকা,
  • মদিনা মছজিদলৈ ৬৫০০ টকা,
  • পূৰ্বজ্যোতি অংগনবাড়ী কেন্দ্ৰলৈ ১.২৫ লাখ টকা আৰু
  • হম্মদ মতিউৰ ৰহমানলৈ ১.২৫ লাখ টকা ।

২৩ টা পৰিয়াললৈ মুঠ ১১,৯৬,৫০০ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে । উল্লেখ্য যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰ্যায়ক্ৰমে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়া হ’ব বুলি সদৰী কৰিছিল । সেই অনুসৰি আজি ২৩ টা পৰিয়ালক ক্ষতিপূৰণ দিয়া হয় । উল্লেখ্য যে ভয়ংকৰ জল বিস্ফোৰণটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত ঘটনাস্থলীত মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকী উপস্থিত হৈ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছিল ।

লগতে পঢ়ক: পিয়াহৰ পানীটুপিও এতিয়া হৈ পৰিছে আতংক - DRINKING WATER TO GUWAHATI

ভয়ংকৰ জলবিস্ফোৰণে বহুতৰ সপোন থানবান কৰিলে - GUWAHATI WATER PIPE BURST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.