গুৱাহাটী, ১৬ মাৰ্চ: নিজৰ স্থিতিত অটল অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ । দলে জবাবদিহি কৰাৰ পিচতো নাচোৰবান্দা দুলু আহমেদ । দলৰ প্ৰতীক জাহাজৰ চিহ্নতে বৰপেটাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব দুলু আহমেদ ।
দলৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাক লৈ অস্বস্তিত পৰিছে সভাপতি লুৰীণজ্যোতি গগৈ ৷ ইফালে দলক আওকাণ কৰি দুলু আহমেদে বৰপেটাত পূৰ্ণোদ্যমে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । এই সন্দৰ্ভত দলে গ্ৰহণ কৰা কঠোৰ স্থিতিক লৈ দুলু আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শনিবাৰে সামাজিক মাধ্যমযোগে দুলু আহমেদে একপ্ৰকাৰে দলৰ সভাপতিক ভাবুকি প্ৰদান কৰে । সামাজিক মাধ্যমত দুলু আহমেদে নিৰ্বাচনী সভা বাতিল কৰিবলৈ চেষ্টা কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
সভাপতি লুৰীণজ্যোতি গগৈক ভাবুকি প্ৰদান কৰি দুলু আহমেদে কয় , ‘‘আপুনি কেৱল নিজৰ ডিব্ৰুগড় আসনখন সুৰক্ষিত কৰি কংগ্ৰেছ দলৰ ভৰিত পৰি কি ভিতৰুৱা বুজাবুজি কৰি ১৪ টাকৈ দলক ঠগাই নিজৰ সমষ্টিত ব্যস্ত থকাৰ আঁৰৰ ৰহস্য ৰাজহুৱা কৰিম নেকি ? আপোনাক কি কংগ্ৰেছৰ ভৰিত পৰি নিজৰ আসনখন সুৰক্ষিত কৰাৰ বাবেহে বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক বনাইছিল নেকি ?
এয়াই নেকি আপোনাৰ আপোচবিহীন যাত্ৰা, বজ্ৰকণ্ঠৰ চৰিত্ৰসমূহ ? আপুনি কি অসম জাতীয় পৰিষদ দল কেৱল উজনি অসমক লৈ আৰু সংখ্যাগুৰু নেতাৰে চলাম বুলি ভাবিছে নেকি ? যাৰ বাবে মই নামনিৰ সংখ্যালঘু নেতা হোৱা বাবে মোক নাইকিয়া কৰিব বিচাৰিছে ? আপুনি কি দলীয় প্ৰতীক চিহ্ন জাহাজখনৰ মালিক নেকি ? ২০২১ ৰ বিধানসভা নিৰ্বাচনত আপুনি কিয় মনে মনে দিল্লীৰ ৰাজস্থান গেষ্ট হাউচত কংগ্ৰেছ নেতাৰ লগত লগ হৈ ভিতৰুৱা বুজাবুজিৰ নামত কিমান টকা দাবী কৰিছিল তাৰ তথ্য লাগে নেকি ?