অসম

assam

ETV Bharat / politics

তেলচুৰি কাণ্ডত বিধায়ক নুৰুল হুদা জড়িত থকাৰ অভিযোগ দুলু আহমেদৰ - Nagaon oil theft racket - NAGAON OIL THEFT RACKET

Dulu Ahmed on Nurul Huda : পুত্ৰৰ জৰিয়তে বিধায়ক নুৰুল হুদাই তেলচুৰি চক্ৰৰ পৰা টকা লৈছিল বুলি অভিযোগ দুলু আহমেদৰ ৷ নগাঁৱত যিমান চুৰি-ডকাইতি হয়, সকলোৰে অংশ বিধায়ক হুদাই লাভ কৰাৰ অভিযোগ দুলু আহমেদৰ ৷

Dulu Ahmed on Nurul Huda
নুৰুল হুদা তেলচুৰিত জড়িতৰ দুলু আহমেদৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:47 PM IST

নগাঁও, ৬ আগষ্ট : তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ গোচৰত কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ গ্ৰেপ্তাৰ হোৱাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে নগাঁৱত ৷ তেলচুৰিৰ চক্ৰৰ সৈতে জড়িত থকা গোচৰত বিধায়ক পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক বিভিন্ন মহলে ধিক্কাৰ, গৰিহনা দিয়াৰ সময়তে মঙলবাৰে তেলচুৰিকাণ্ডক লৈ কেবাটাও বিস্ফোৰক মন্তব্য কৰে এসময়ৰ কংগ্ৰেছ নেতা দুলু আহমেদে ৷ বিধায়ক নুৰুল হুদাই তৰা এক গোচৰত মঙলবাৰে নগাঁও আদালতত হাজিৰ হোৱাৰ পিচত সংবাদ মাধ্যমৰ সন্মুখত দুলু আহমেদে একপ্ৰকাৰ তুলাধুনা দিয়ে নুৰুল হুদাক ৷

নুৰুল হুদা তেলচুৰিত জড়িতৰ অভিযোগ দুলু আহমেদৰ (ETV Bharat Assam)

কলিয়াবৰৰ উলুৱনি আৰক্ষী থানাত তেলচুৰি চক্ৰৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ অনুসন্ধানত আৰক্ষীয়ে বিধায়ক পুত্ৰ ৰকিবুল হুদাই নিজৰ একাউণ্টত অনলাইনযোগে ধন লোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । এই সন্দৰ্ভত দুলু আহমেদে বিধায়ক নুৰুল হুদাকে জগৰীয়া কৰি বিধায়কগৰাকীক তদন্তৰ আওতালৈ আনি গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰে ৷

দুলু আহমেদে কয়, ‘‘ তেলচুৰিৰ লগত নুৰুল হুদাৰ পুত্ৰ জড়িত নহয়, তেলচুৰিৰ লগত বিধায়কগৰাকী নিজেই জড়িত ৷ নিজেই ল’ব নোৱাৰে বাবে পুত্ৰৰ জৰিয়তে ৫০ হাজাৰ টকা লৈছিল ৷ নগাঁৱত চুৰি, ডকাইতি যিমান হৈ আছে সেইবোৰৰ অংশ নুৰুল হুদাই পায় ৷ "

তদুপৰি তেলচুৰিকাণ্ডত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা এগৰাকী গাঁওপ্ৰধানৰ সৈতে বিধায়ক নুৰুল হুদাৰ ৰাজনৈতিক গুৰু হিচাপে পৰিচিত এগৰাকী কংগ্ৰেছ নেতাৰ সুসম্পৰ্ক থকা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে দুলু আহমেদে । ইপিনে দুলু আহমেদৰ বিৰুদ্ধে নগাঁও আদালতত তৰা এক গোচৰত কেবাবৰো শুনানীৰ দিন ধাৰ্য কৰাৰ পিচতো গোচৰীয়া বিধায়ক নুৰুল হুদা উপস্থিত নথকাৰো অভিযোগ উত্থাপন কৰে তেওঁ ।

ইফালে বিগত লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা দুলু আহমেদে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান নকৰাৰ কথা উল্লেখ কৰি অতিশীঘ্ৰে কোনো এটা আঞ্চলিক দলত যোগদান কৰাৰ কথা সংবাদ মাধ্যমত উল্লেখ কৰে । অৱশ্যে কোনটো আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব সেয়া স্পষ্ট কৰা নাই আহমেদে ।

লগতে পঢ়ক :তেলচুৰি গোচৰ: বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুলক কাৰাগাৰলৈ প্ৰেৰণ

লগতে পঢ়ক :তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গাঁও প্ৰধানক গ্ৰেপ্তাৰ

লগতে পঢ়ক :বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ: তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ

ABOUT THE AUTHOR

...view details