নেশ্যনেল ডেস্ক,২৫ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত পুনৰ বাধা । এইবাৰ পশ্চিমবংগ চৰকাৰৰ বাধাৰ বাবে ৰাহুল গান্ধীয়ে যাত্ৰা পথৰ কিছু পৰিৱৰ্তন কৰিব লাগিব । জলপাইগুৰিত দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা বাতিল কৰিব লাগিব ৰাহুল গান্ধীয়ে ।
উল্লেখ্য যে, আসন ভাগ-বটোৱাৰাকলৈ বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰ কেইবাটাও দলৰ মাজত বিতৰ্ক অব্যাহত আছে । পশ্চিমবংগৰ নেতৃত্বাধীন টিএমচিৰ সৈতেও কংগ্ৰেছ নেতৃত্বত গঠন হোৱা 'ইণ্ডিয়া' ব্লকৰ কিছু অসন্তুষ্টি দেখা গৈছে । সেই অসন্তুষ্টি যেন ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত কিছু প্ৰভাৱ পৰিছে । ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ দলে পশ্চিমবংগত আগন্তুক লোকসভা নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে ।
ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰাৰ অংশ হিচাপে ২৮ জানুৱাৰীত পশ্চিমবংগৰ জলপাইগুৰিত প্ৰৱেশ কৰাৰ কথা আছিল । কিন্তু আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলস্বৰূপে জলপাইগুৰি প্ৰশাসনে কংগ্ৰেছ নেতাগৰাকীক ২৮ জানুৱাৰীত চহৰখনত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছে । সেয়েহে, তেওঁ চহৰখনত দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা বাতিল কৰিব লাগিব আৰু এই কাৰ্যসূচী আন স্থানত ল'ব লাগিব ।
জানিব পৰা মতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ উত্তৰ অংশৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ মাজেৰে পশ্চিমবংগত প্ৰৱেশ কৰাৰ কথা আছে । ২৬-২৭ জানুৱাৰীত দুদিনীয়া বিৰতিৰ অন্তত ২৯ জানুৱাৰীত বিহাৰত প্ৰৱেশ কৰাৰ পূৰ্বে জলপাইগুৰি, আলিপুৰদুৱাৰ, উত্তৰ দিনাজপুৰ আৰু দাৰ্জিলিং জিলাৰ মাজেৰে যাত্ৰা কৰিব ।