নতুন দিল্লী :ঘোষণা হ'ল দিল্লী বিধানসভাৰ নিৰ্বাচনৰ দিন । মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে আগন্তুক দিল্লী বিধানসভাৰ বাবে নিৰ্বাচনৰ তাৰিখ । ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । আনহাতে, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভোটগণনা । মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই ঘোষণা কৰে ।
সংক্ষিপ্তভাৱে দিল্লী নিৰ্বাচনৰ সময়সূচী
- অধিসূচনা জাৰি - ১০ জানুৱাৰী
- মনোনয়ন দাখিলৰ অন্তিম দিন - ১৭ জানুৱাৰী
- মনোনয়ন পৰীক্ষা - ১8 জানুৱাৰী
- মনোনয়ন প্ৰত্যাহাৰ - ২০ জানুৱাৰী
- ভোটদানৰ তাৰিখ - ৫ ফেব্ৰুৱাৰী
- ভোটগণনাৰ তাৰিখ - ৮ ফেব্ৰুৱাৰী
উল্লেখ্য যে ৭০ জনীয়া দিল্লী বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব আৰু নতুন সদন গঠনৰ বাবে তাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব ।
দিল্লীৰ নিৰ্বাচনত প্ৰায় ১.৫৫ কোটি যোগ্য ভোটাৰে ভোটদান কৰিব । ইয়াৰে ভিতৰত ৭১.৭৪ লাখ মহিলা আৰু ২ লাখতকৈও অধিক প্ৰথম ভোটাৰ অন্তৰ্ভুক্ত আছে । আনহাতে, ভোটদানৰ বাবে ১৩,০০০ তকৈও অধিক ভোটকেন্দ্ৰ থাকিব বুলি ৰাজীৱ কুমাৰে প্ৰকাশ কৰে ।
আপৰ অভিযোগৰ স্পষ্ট প্ৰতিক্ৰিয়াস্বৰূপে মুখ্য নিৰ্বাচন আয়ুক্তই লগতে কয়, "ভোটাৰ তালিকাত নাম কৰ্তন বা সংযোজনৰ ক্ষেত্ৰত যথাযথ প্ৰক্ৰিয়া কঠোৰভাৱে অনুসৰণ কৰা হৈছিল । এই ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলিৰ অৱকাশ নাই ।" উল্লেখ্য যে আপে অভিযোগ কৰিছিল যে বিজেপিৰ নিৰ্দেশত হাজাৰ হাজাৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাইবা সংযোগ কৰা হৈছে ।
"আমি ভোটদান, মহিলাৰ অংশগ্ৰহণৰ নতুন অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছোঁ; শীঘ্ৰেই এক বিলিয়নতকৈ অধিক ভোটাৰৰ এক নতুন অভিলেখ গঢ়ি উঠিব ।" তেওঁ কয় ।
তেওঁ লগতে কয়, "নিৰ্দিষ্ট গোটবোৰক লক্ষ্য কৰি লোৱাৰ বাবে ভোটাৰ তালিকাত ভুল নাম সংযোজন বা কৰ্তনৰ বিষয়ে এক ভুৱা খবৰ বিয়পাই দিয়া হৈছে । গণতন্ত্ৰত অন্তৰ্নিহিত প্ৰশ্ন কৰাৰ অধিকাৰ, সকলো সন্দেহ দূৰ কৰাটো আমাৰ কৰ্তব্য ।"