অসম

assam

ETV Bharat / politics

গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই ভাৰতীয় সংবিধানক সন্মান নকৰে: গৌৰৱ গগৈ - GAURAV GOGOI SLAMS CM HIMANTA

ৰাজ্যত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আম্বেদকাৰ সন্মান যাত্ৰা । মহানগৰ জিলা কংগ্ৰেছৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপিক সমালোচনা গৌৰৱ গগৈৰ ।

Congress MP Gaurav Gogoi slams Assam CM over protest issue
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আম্বেদকাৰ সন্মান যাত্ৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 7:13 PM IST

গুৱাহাটী:সমগ্ৰ দেশৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আয়োজন কৰা হৈছে আম্বেদকাৰ সন্মান যাত্ৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ নেতৃত্বত মঙলবাৰে লাষ্টগেটস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজন কৰা হয় আম্বেদকাৰ সন্মান যাত্ৰা । য'ত অংশগ্ৰহণ কৰে লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, নেত্ৰী মীৰা বৰঠাকুৰকে ধৰি দলটোৰ বহু নেতা-কৰ্মী ।

সংসদত বি আৰ আম্বেদকাৰক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে দেশজুৰি কৰা এই আম্বেদকাৰ সন্মান যাত্ৰা উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখা যায় । এই আম্বেদকাৰ সন্মান যাত্ৰাৰ অংশস্বৰূপে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিযে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱা কথা আছিল যদিও আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে ।

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আম্বেদকাৰ সন্মান যাত্ৰা (ETV Bharat Assam)

কিয়নো এই কাৰ্যসূচীৰ বাবে মহানগৰ জিলা কংগ্ৰেছে অনুমতি বিচাৰিছিল যদিও প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে । তাৰোপৰি কাৰ্যসূচীৰ পূৰ্বৰে পৰা মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ বাহিৰত মোতায়ান কৰি ৰখা হয় হাজাৰ হাজাৰ আৰক্ষী জোৱান । যাৰ ফলস্বৰূপে অৱশেষত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰতে অনুষ্ঠানটো অনুষ্ঠিত কৰি অমিত শ্বাহৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদানৰ উদ্দেশ্যে দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰৰ নেতৃত্বত ৫ জনীয়া এটি সজাতি দল জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হয় ।

এই কাৰ্যসূচীত অংশ লৈ গৌৰৱ গগৈয়ে কয়,"প্ৰশাসনে আমাক আম্বেদকাৰ সন্মান যাত্ৰাৰ অনুমতি নিদিলে । নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই অনুমতি নিদিলে । অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সঁচাকৈ বহুত ভাল পায় । সেয়েহে আজি হিমন্ত বিশ্ব শৰ্মা অগণতান্ত্ৰিক কামত লিপ্ত । এই সন্মান যাত্ৰাত তেওঁলোকৰ আপত্তি ক'ত ? কংগ্ৰেছৰ শক্তি বৃদ্ধিত চৰকাৰে ভয় খাইছে । ভয় খায়েই কন্দুৱা গেছ এৰি আমাৰ কৰ্মীক মাৰি পেলালে । ভয় কিয়? কিহৰ ভয়? ভয় কৰিবলৈ কিনো আছে? কিহৰ ভয়ৰ বাবে আমাক অনুমতি নিদিলে ? ইয়াৰ উত্তৰ আমাক লাগে ।"

সাংসদগৰাকীয়ে লগতে কয়,"তৰুণ গগৈ চৰকাৰৰ আমোলতো হৈছিল বহুত প্ৰতিবাদ । ভাৰতীয় গণতান্ত্ৰিক অধিকাৰ আৰু সংবিধানিক অধিকাৰক সন্মান জনাই তেওঁৰ চৰকাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অনুমতি প্ৰদান কৰিছিল । বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰৰ দিনত গুপ্তহত্যা নহয়, মুকলিকৈ চলিছে 'মুক্তহত্যা' ।" লগতে গৌৰৱ গগৈয়ে আম্বেদকাৰক কৰা অসন্মানৰ বাবে গৃহমন্ত্ৰী‌ অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰে ।

সংসদত গৃহমন্ত্ৰী‌ অমিত শ্বাহে বি আৰ আম্বেদকাৰক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি সাংসদ গৌৰৱ গগৈযে অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰি কয়,"ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা ড৹ বাবা চাহেব ভীমৰাও আম্বেদকাৰ নাম যিদৰে তাচ্ছিল্যৰে উল্লেখ কৰিলে, তাৰ পৰাই বুজিব পাৰি যে সংবিধান প্ৰণেতাগৰাকীৰ প্ৰতি তেওঁৰ সন্মান কিমান ? মই ভাবো এনে ধৰণৰ অহংকাৰী ব্যক্তি দেশৰ গৃহমন্ত্ৰী পদৰ দায়িত্বত অধিষ্ঠিত হৈ থকাটো দেশৰ বাবেই মংগলজনক নহয় । গতিকে তেওঁ অনতিপলমে নিজ পদৰ পৰা পদত্যাগ কৰিব লাগে ।"

তাৰোপৰি RSS হিন্দু মহাসভাক সমালোচনা কৰি কয়,"RSS হিন্দু মহাসভাই আৰম্ভণিৰে পৰা ভাৰতৰ সংবিধানক অগ্ৰাহ্য কৰি আহিছে । RSS বিজেপিয়ে সামাজিক ন্যায় আৰু সমাজতন্ত্ৰ নিবিচাৰে । RSS আৰু হিন্দু মহাসভাই ভাৰতীয় সংবিধানক সন্মান কৰো বুলি কোৱাতো নাটক । সংবিধানক সন্মান কৰিলে সংবিধান সলনি কৰাৰ ভাবুকি নিদিলে হয় । BJP দল আৰু চৰকাৰতকৈ ইণ্ডিয়া মহাজোঁট শক্তিশালী হোৱা দেখি ভয় খাইছে । অমিত শ্বাহৰ পেটৰ কথা মুখেৰে ওলায় আহিল । গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই ভাৰতীয় সংবিধানক সন্মান নকৰে । আমি ভাৰতীয় সংবিধান সন্মান যাত্ৰা উলিয়াওতে অমিত শ্বাহক ভাল লগাবলৈ আমাক বাধা দিয়া হৈছে । সংবিধান নথকা হ’লে অমিত শ্বাহ গৃহমন্ত্ৰী হ’ব নোৱাৰিলে হয় ।"

উল্লেখ্য যে সংসদত বি আৰ আম্বেদকাৰক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এক মন্তব্যক লৈ আজি ভাৰতীয় জাতীয় কংগ্ৰেছে দেশজুৰি কৰিছে এই আম্বেদকাৰ সন্মান যাত্ৰা । তাৰ অংশ স্বৰূপে গুৱাহাটী মহানগৰীটো জিলা কংগ্ৰেছৰ নেতৃত্বত আয়োজন কৰা হৈছে আম্বেদকাৰ সন্মান যাত্ৰা শীৰ্ষক কাৰ্যসূচী ।

লগতে পঢ়ক:গণতান্ত্ৰিক আন্দোলনত অগণতান্ত্ৰিক বাধা ! বিনাশ কালত বিপৰীত বুদ্ধি লোৱা বুলি কাক ক’লে সাংসদ ৰকিবুলে - RAKIBUL HUSSAIN SLAMS ASSAM CM

মুখ্যমন্ত্ৰী হৈয়েই থাকিবগৈ নে হিমন্ত বিশ্ব শৰ্মা ! সন্দেহ উপজিছে গৌৰৱ গগৈৰ - GAURAV GOGOI SLAMS CM HIMANTA

ABOUT THE AUTHOR

...view details