গুৱাহাটী, 23 জুলাই:শেহতীয়াকৈ ৰাজ্য চৰকাৰে চৰকাৰী মাটি লীজত দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । গুৱাহাটীত মঙলবাৰে সংবাদ মাধ্যমৰ আগত সভানেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ কৰি কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চৰকাৰী মাটি লীজত দিয়াৰ ব্যৱস্থা কৰিছে । যি সময়ত অসমৰ ৰাজহুৱা সম্পদ সুৰক্ষিত কৰা প্ৰয়োজন তেনে সময়তে অসমৰ সম্পদ বিক্ৰী কৰাৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে । বাহিৰাগত বনিয়াক চৰকাৰী মাটি লীজত দিব । এনেদৰে অসমত বহিৰাগত বনিয়াক ৰঙা দলিচা পাৰি দি অসমৰ সম্পদ বাহিৰাগত বনিয়াক বিক্ৰী কৰাৰ চৰকাৰে পৰিকল্পনা কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ।"
মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে
ৰাজ্যত পুনৰ আৰম্ভ হ’ব চৰকাৰী নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচী ৷ আগৰ গছপুলিবোৰ কি অৱস্থাত আছে বুলি মীৰা বৰঠাকুৰে প্ৰশ্ন তুলি কয়, "মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে ! আকৌ মুখ্যমন্ত্ৰীয়ে তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈছে । মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ ৰোপণ কৰা গছৰ পুলিকেইটা জীয়াই আছেনে খবৰ ৰাখিছেনে ? যোৱাবাৰ ৰোপণ কৰা এডালো গছৰ পুলি জীয়াই থকা নাই । অকল কেমেৰাত ফটো উঠা, ম’বাইলত ছেলফি উঠাৰ বাবে গছপুলি ৰোপণ কৰিলে নহ'ব ।
দিল্লীলৈ যাব প্ৰদেশ কংগ্ৰেছৰ 100 গৰাকী মহিলা