গুৱাহাটী,২ আগষ্ট :মাজত মাত্র ছয় দিন বাকী । শুক্ৰবাৰে বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক আদৰিবলৈ সাজু গুৱাহাটীৰ ৰাজীৱ ভৱন । আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিলে অসমত বিজেপিৰ উত্থানত বিশেষ ভূমিকা পালন কৰা অশোক শৰ্মাই । অহা ৯ আগষ্ট শুকুৰবাৰে অশোক শৰ্মাই যোগদান কৰিব কংগ্ৰেছ দলত ।
ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী :
বিজেপি ত্যাগ কৰি অহা জ্যেষ্ঠ নেতাজনক আদৰিবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় । ৯ আগষ্টত গুৱাহাটীৰ ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । সিদিনা অশোক শৰ্মাৰ উপৰি বিভিন্ন দলৰ কেইবাগৰাকী নেতা আৰু সমাজৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব । ৰাজনৈতিক ক্ষেত্রৰ উপৰি অৰাজনৈতিক ক্ষেত্রৰ কেইবাজনো ব্যক্তিয়ে সিদিনা কংগ্ৰেছ দলত যোগদান কৰিব ।
ব্ৰজেনজিৎ সিনহাও সাজু :
প্ৰদেশ কংগ্ৰেছৰ সূত্রই জনোৱা মতে, ইয়াৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহা । ব্ৰজেনজিৎ সিনহাৰে কংগ্ৰেছ দল দীৰ্ঘ সময়ৰ পৰা যোগাযোগত আছিল । ৯ আগষ্টত অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীয়ে কংগ্ৰেছ দলৰ যোগেদি ৰাজনৈতিক জীৱন আৰম্ভ কৰিব । জানিব পৰা মতে কংগ্ৰেছ দলৰ হৈ ব্ৰজেনজিৎ সিনহাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ'ব । একালৰ ছাত্ৰনেতা তথা দীৰ্ঘসময় আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ৰাজনৈতিক জীৱন কেনে হয় সেয়া সময়েহে ক'ব ।
কংগ্ৰেছৰ ভাল দিন আহিছে :