অসম

assam

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 6:57 PM IST

ETV Bharat / politics

বিজেপিৰ বিশাল বেনাৰৰ তলত কি কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ? - Lok Sabha election 2024

Complaint against BJP: লোকসভা নিৰ্বাচনৰ বাবে সকলোৱে ব্যাপকভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । তাৰ মাজতে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক দেখা গ'ল বিজেপিৰ এখন ডাঙৰ বেনাৰৰ সমুখত । বিজেপিৰ বেনাৰৰ সমুখত কি কৰিছে মীৰা বৰঠাকুৰে ? পঢ়ক সবিশেষ...

Complaint against BJP
Lok Sabha election 2024

মীৰা বৰঠাকুৰ গোস্বামী

গুৱাহাটী, ৯ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দিন-ৰাতি এক কৰি ব্যাপক প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকল । তাৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক আজি হঠাতে দেখা গ'ল শাসকীয় দলৰ এখন প্ৰকাণ্ড বেনাৰৰ তলত । এসময়ত বিজেপি দলৰ নেত্ৰী আছিল মীৰা বৰঠাকুৰ গোস্বামী । পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত যোগ দিয়ে । কিন্তু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ কিয় আহিল শাসকীয় দলৰ বেনাৰৰ তললৈ ।

পদপথৰ কাষত বিজেপিৰ বেনাৰৰ তলত কি কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ? তেওঁ নিজেই ব্যক্ত কৰিলে ইয়াৰ কাৰণ । প্ৰকৃততে প্ৰাৰ্থীগৰাকী বেনাৰখনৰ তললৈ অহাৰ মূল কাৰণ হৈছে শাসকীয় দলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়টো দাঙি ধৰা ।

উল্লেখ্য যে দিন-ৰ‍াতি একাকাৰ কৰি গুৱাহাটী সমষ্টিৰ অলিয়ে-গলিয়ে প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে মীৰা বৰঠাকুৰ গোস্বামী । কেতিয়াবা যদি কাৰোবাৰ ঘৰলৈ গৈছে আৰু কেতিয়াবা গৈছে বজাৰলৈ নাইবা কেতিয়াবা পদপথত ৰাইজৰে কথা পাতিছে । আজিও তেওঁ উলুবাৰী অঞ্চলত প্ৰচাৰ চলাই থাকোতে তেওঁৰ চকুত পৰিল এখন বিশাল বেনাৰ ।

মহানগৰীৰ উলুবাৰীস্থিত কৃষি বিভাগৰ কামৰূপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ছবিৰে আঁৰি থোৱা হৈছে এখন প্ৰকাণ্ড বেনাৰ । য'ত লিখা আছে "আকৌ এবাৰ মোদী চৰকাৰ, পদুম ফুলৰ চিহ্নত ভোট দিওঁ আহক ।" হৰ্ডিং দেখাৰ লগে লগে স্বভাৱগতভাৱেই সৰৱ হৈ পৰিল মীৰা বৰঠাকুৰ গোস্বামী । সামাজিক মাধ্যমযোগে তেওঁ ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া ।

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি চৰকাৰী কাৰ্যালয় এটাত এনেদৰে দলীয় বেনাৰ লগাই ৰখাক লৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । চৰকাৰী কাৰ্যালয় এটাৰ এনে কাণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে কিমান অন্যায়ভাৱে তথা নীতিবৰ্হিভূতভাৱে এইখন চৰকাৰ চলিছে । নিৰ্বাচনী আচৰন বিধি প্ৰযোজ্য হৈ থকা সময়ত এনেদৰে কেনেকৈ বেনাৰ লগাব পাৰে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এয়াই হৈছে বিজেপিৰ ৰাজ ।

নিয়ম সকলোৰে বাবে এটাই হ'ব লাগে সদৰী কৰি তেওঁ কয় " বিজেপিয়ে যদি চৰকাৰী কাৰ্যালয়ক এনেদৰে ব্যৱহাৰ কৰে তেন্তে কেনেকৈ স্বচ্ছ আৰু নিকা নিৰ্বাচন বুলি ক'ব পাৰিম । " বিজেপি দলে আঁচনিৰ নামত ভোটৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বিজেপিয়ে নিজৰ খেয়াল-খুচি মতে কাম কৰিছে । এই বিষয়টো চিভিল এপত আপলোড কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে এইক্ষেত্রত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া তেওঁলোকে প্ৰত্যক্ষ কৰিব । এনে পৰিস্থিতিত এই নিৰ্বাচন কিদৰে স্বচ্ছ আৰু নিকা হ'ব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক:বিজেপিৰ বিৰুদ্ধে ৰাইজক আভুৱা ভৰাৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha election 2024

ABOUT THE AUTHOR

...view details