গুৱাহাটী, ১২ মাৰ্চ : অসমৰ ১২খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ দলে । ঘোষণা কৰা হৈছে কংগ্ৰেছৰ সৰ্বভাৰতীয় দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৷ এই দ্বিতীয় তালিকাত দেশৰ মুঠ ৪৩ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় ৷ কংগ্ৰেছে এই তালিকাত অসমৰ ১৪ খন আসনৰ ১২ খন আসনত নিজা প্ৰাৰ্থী ঘোষণা কৰে৷
অসমৰ ১২খন আসনৰ কংগ্ৰেছ প্ৰাৰ্থীসকল হ’ল:
যোৰহাট: গৌৰৱ গগৈ
যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে নগাঁও: প্ৰদ্যুৎ বৰদলৈ
নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদ্যুৎ বৰদলৈয়ে দৰং-ওদালগুৰি: মাধৱ ৰাজবংশী
দৰং-ওদালগুৰি: মাধৱ ৰাজবংশী গুৱাহাটী: মীৰা বৰঠাকুৰ
গুৱাহাটীত প্ৰতিদ্বন্দিতা কৰিব মীৰা বৰঠাকুৰে কাজিৰঙা: ৰ’জলীনা তিৰ্কি
কাজিৰঙাত প্ৰতিদ্বন্দ্বিতা কৰিব ৰ’জলীনা তিৰ্কিয়ে বৰপেটা: দীপ বায়ন
ধুবুৰী: ৰকিবুল হুছেইন
ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিব ৰকিবুল হুছেইনে শিলচৰ: সূৰ্যকান্ত সৰকাৰ
শিলচৰত প্ৰতিদ্বন্দ্বিতা কৰিব সূৰ্যকান্ত সৰকাৰে কৰিমগঞ্জ: হাফিজ বছিৰ আহমেদ চৌধুৰী
কৰিমগঞ্জ: হাফিজ বছিৰ আহমেদ চৌধুৰী কোকৰাঝাৰ: গৰ্জন মুছাহাৰী
ডিফু: জয়ৰাম ইংলেং
শোণিতপুৰ: প্ৰেমলাল গঞ্জু
আনহাতে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কংগ্ৰছে যোৰহাটত প্ৰাৰ্থিত্ব দিলে গৌৰৱ গগৈক । এতিয়া যোৰহাট লোকসভা নিৰ্বাচনত বিজেপিৰ তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত হ’ব লোকসভা নিৰ্বাচনৰ যুঁজ । ইফালে বৰপেটাত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল আব্দুল খালেক ।
নঁগাৱত পুনৰ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে ৷ আনহাতে লখিমপুৰ আৰু ডিব্ৰুগড় সমষ্টিত কংগ্ৰেছে ঘোষণা কৰা নাই প্ৰাৰ্থিত্ব ৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছে । আনহাতে ডিব্ৰুগড় আসনখন অসম জাতীয় পৰিষদক এৰি দিয়াৰ কথা সোমবাৰে ঘোষণা কৰে কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ।
উল্লেখ্য যে এই তালিকা ঘোষিত হোৱাৰ পূৰ্বে বঞ্চিত টিকট প্ৰত্যাশীয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয় ৷ টিকট নাপাই মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ পদ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাই ৷ আনহাতে ডিব্ৰুগড়ৰ আসনখনত চকু দি থকা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে লুৰীণজ্যোতি গগৈ তথা অজাপক কংগ্ৰেছে ডিব্ৰুগড়ৰ আসনখন এৰি দিয়া কাৰ্য মানি ল’ব পৰা নাই ৷
লগতে পঢ়ক:টিকট নাপাই উপ-সভাপতি পদত্যাগ কৰিলে কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাই