কোকৰাঝাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ বাক্সা, ১ মে’ : বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ চলায় প্ৰচাৰ ৷ একত্ৰিতভাবে আগবাঢ়ি আহি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ সংকল্প লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বিভাজিত নহৈ বড়ো-অবড়ো সকলোৱে মিলি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, সাংসদ গৰাকীয়ে নিজকে অসমীয়া বুলি ভাৱে, কিন্তু আমিও অসমীয়া ৷ লগতে তেওঁ কয় যে, ‘‘নৱ কুমাৰ শৰণীয়াই অকলে একো কৰিব নোৱাৰে । তেওঁৰ চৰকাৰ বিটিচিতো নাই, দিছপুৰতো নাই, দিল্লীতো নাই । সমস্যা সমাধান আমিহে কৰিব পাৰিম, তেওঁ আমাক সমস্যা সমাধানৰ সুযোগ দিয়ক’’ ৷
আনহাতে, লোকসভা নিৰ্বাচনৰ পিচতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ১০৫ তকৈ অধিক আসন লাভৰ আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এইবাৰৰ লোকসভা নিৰ্বাচনৰ ইভিএমত সকলো ওলাই পৰিব বুলি উল্লেখ কৰে ড৹ শৰ্মাই । আনহাতে বি টি আৰৰ সমস্যাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বি টি আৰত আগৰ দৰে হত্যা-হিংসা নাই । এতিয়া ট্ৰিগাৰ দেখুৱাই কোনোৱে ভোট নিবিচাৰে । এতিয়া নমস্কাৰ জনাই ভোট বিচাৰে । ট্ৰিগাৰৰ পৰা নমস্কাৰ হৈছে ।
লগতে তেওঁ কয় যে, পৰেশ বৰুৱাকো মূলসূঁতিলৈ অনাৰ প্ৰচেষ্টা চলি আছে । নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জলেন দৈমাৰী আদি উপস্থিত থাকে ৷
লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা প্ৰিয়ংকা গান্ধীৰ