তেজপুৰ, ২১ জানুৱাৰী:ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে জ্যষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহত বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে লৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ‘X’ত কৰা পোষ্টৰ ভিত্তিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি জামুগুৰিহাট থানাত ৰুজু হৈছে গোচৰ ৷ এই কথা জানিবলৈ দিছে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷
কেংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ‘X’ যোগে উত্থাপন কৰিছে, ‘‘কেই মিনিটমানৰ পূৰ্বে শোণিতপুৰৰ জামুগুৰিহাটত বিজেপিৰ উচ্ছৃংখল কৰ্মীয়ে মোৰ গাড়ীত আক্ৰমণ কৰে ৷ তেওঁলোকে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ষ্টিকাৰবোৰো ছিঙি পেলায় ৷ তদুপৰি তেওঁলোকে পানীও দলিয়ায় আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাবিৰোধী শ্ল’গানো দিয়ে । কিন্তু আমি মানসিক স্থিতি ৰক্ষা কৰি আছিলোঁ ৷’’
এই কাৰ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা কৰা বুলিও অভিযোগ উত্থাপন কৰে জয়ৰাম ৰমেশে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰি কৰা এক্সৰ পোষ্টটোত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে তেওঁলোকে ভয় কৰা নাই ৷