বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ৰঙিয়া,২১ এপ্ৰিল:"অহা নিৰ্বাচনত বিপিএফৰ নাঙলৰ ছবিত ভোট খেলিবৰ বাবে ঘৰত গৈ মাতিলেও কোনো আগবাঢ়ি নাহিব ।" এই মন্তব্য় ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ । ৰঙিয়াৰ ধেপাৰগাঁৱত শনিবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰি পুনৰ কয় যে," আগতে যি ভুল, ঠগ-প্ৰৱঞ্চনা কৰি গ'ল, লুণ্ঠন কৰি গ'ল তাৰ বাবে অহা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে মানুহৰ ঘৰে ঘৰে গৈ অনুৰোধ কৰিলেও বিপিএফৰ হৈ নিৰ্বাচন খেলিবলৈ নাহে ।"
ধেপাৰগাঁৱত আয়োজিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত শতাধিক লোকে ইউপিপিএলত যোগদান । দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দি জয় কৰিবলৈ তেওঁ আহ্বান জনায় । এই সভাখনত প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি তীব্ৰ কটাক্ষ কৰিলে বিপিএফ দলৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক ।
আনহাতে,বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱা শনিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়ো সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰি কৈছিল যে একাংশ ইউপিপিএলৰ নেতা আৰু আবছুৰ একাংশ নেতাক লুটি-পুটি খাবলৈ দিছে প্ৰমোদ বড়োৱে । সেয়েহে এতিয়া তেওঁলোকে চাৰিওফালৰ পৰা চপাই আছে । সেই সন্দৰ্ভতো প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, " হাগ্ৰামা মহিলাৰীৰ কথাবিলাক আগতে চলিছিল । " কিন্তু আজি-কালি হাগ্ৰামা মহিলাৰীৰ যাদু নচলে বুলিয়ে আওপকীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
আনহাতে,কংগ্ৰেছ আৰু বিপিএফক তীব্ৰ সমালোচনা কৰি কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বী নাই, একপক্ষীয় নিৰ্বাচন হ'ব । তেওঁ কয়," ইয়াত কোনো বিৰোধী নাই । কংগ্ৰেছ আছে নে বিপিএফ আছে !" তেওঁলোকে নিজৰ নিজৰ চিহ্নটো ধৰি ৰাখিবলৈ নিৰ্বাচন খেলিছে বুলি সমালোচনা কৰে প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক:ইউ পি পি এলত চন্দন ব্ৰহ্মৰ যোগদানে ক্ষতি কৰিব বি পি এফক : প্ৰমোদ বড়ো - Pramod Boro Slams Hagrama Mohilary