অসম

assam

ETV Bharat / politics

উপনিৰ্বাচন : বিজেপিৰ ৰ‍াজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰস্তুত প্ৰাৰ্থী পেনেল

Assam Bye Election 2024: বঙাইগাঁও আৰু চিদলী সমষ্টি এৰি দিয়া হৈছে মিত্ৰদল অগপ আৰু ইউপিপিএলক । তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 10:04 PM IST

Assam Bye Election 2024
বিজেপিৰ ৰ‍াজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক (X@himantabiswa)

গুৱাহাটী, ১৩ অক্টোবৰ: পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনকলৈ সাজু হৈছে শাসকীয় দল বিজেপি । অৱশ্যে দুটা সমষ্টি মিত্রদল অগপ আৰু ইউ পি পি এলক এৰি দিয়াৰ কথা ইতিমধ্যে সদৰী কৰিছে বিজেপিয়ে । উপ-নিৰ্বাচন সন্দৰ্ভত আজি অৰ্থাৎ দেওবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কইনাধৰাত অনুষ্ঠিত হয় । বৈঠকত উপ-নিৰ্বাচন সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী মন্ত্ৰী আৰু নেতাই বৈঠকত অংশগ্ৰহণ কৰে ।

বৈঠকত বিহালী, ধলাই, চামগুৰিৰ বাবে প্ৰাৰ্থী পেনেল দিল্লীলৈ প্ৰেৰণৰ বাবে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ এই বৈঠক অনুষ্ঠিত হয় । এই প্ৰাৰ্থী পেনেলৰ পৰাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থী চূড়ান্ত কৰিব । লক্ষণীয় বিষয় যে চৰ্চাত আছিল যদিও ধলাইৰ প্ৰাৰ্থী পেনেলত সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰৰ নাম নাই । সেইদৰে বিহালীৰ উপ-নিৰ্বাচনৰ দৌৰত নাই প্ৰাক্তন সাংসদ পল্লৱলোচন দাস । সমষ্টি দুটাৰ তিনিজনীয়া বিজেপিৰ পেনেলত নতুন মুখক অগ্ৰাধিকাৰ দিয়া হৈছে ।

দিল্লীলৈ আজিয়ে প্ৰাৰ্থী পেনেল প্ৰেৰণৰ বাবে দুৰ্গোৎসৱৰ ব্যস্ততাৰ মাজতে বিজেপিয়ে অনুষ্ঠিত কৰে ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠক । বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে চামগুৰিৰ বাবে দুজনীয়া, বিহালীৰ বাবে তিনিজনীয়া আৰু ধলাইৰ বাবে তিনিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে । বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, "আমাৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে আৰু দিল্লীলৈ প্ৰেৰণ কৰা হ'ব । এই পেনেলত দিল্লীয়ে শেষ মোহৰ লগাব ।"

বৈঠকত বিজেপিৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুকে ধৰি ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল । জানিব পৰা মতে বৈঠকৰ পিছতে প্ৰাৰ্থীৰ তালিকা লৈ নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী । উল্লেখ্য যে বঙাইগাঁও সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক আৰু চিদলী সমষ্টিটো ইউ পি পি এলক এৰি দিছে ।

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । উক্ত পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণৰ ব্যৱস্থা কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০,১২৬ গৰাকী ।

লগতে পঢ়ক:ৰাজ্যত উপ-নিৰ্বাচনক লৈ চৰ্চা, বাজপেয়ী ভৱনত তৎপৰতা - By Election in Assam

ABOUT THE AUTHOR

...view details