তেজপুৰ, ১১ এপ্ৰিল : তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত লাগিল অথন্তৰ ৷ তেজপুৰ বান্দৰমাৰীত দলীয় প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ প্ৰচাৰ চলোৱা সভাত ৰাহুল গান্ধীৰ কথা ক’বলৈ লওতেই বন্ধ হৈ গ’ল মাইক্ৰ’ফোন ৷ লগে লগে ছাউণ্ড ছিষ্টেম চলোৱা লোকজন হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা বুলি সন্দেহ হয় ভূপেন বৰাৰ ৷ সেই সন্দেহ উপস্থিত ৰাইজৰ সন্মুখত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
ৰাইজৰ ওচৰত আক্ষেপ কৰে ‘‘মোৰ সদায় এনেকুৱাই হয় ৷ কেতিয়াবা হেলিকপ্টাৰ পৰিবলৈ নাপায় ৷ কেতিয়াবা মাইকত ছাউণ্ড কমি যায় ৷ কেতিয়াবা কাৰেণ্ট গুচি যায় ৷’’ সংবাদ মাধ্যমৰ সন্মুখত বৰাই সেই সন্দৰ্ভত কয় যে তেওঁ বিহপুৰীয়া সমষ্টিত এখন হেলিপেড বনাইছিল, কিন্তু দুদিনধৰি হেলিকপ্টাৰখন তাত লেণ্ড কৰিবলৈ নিদিলে ৷ মুখ্যমন্ত্ৰীৰ সভা আছে বুলি মিছাকৈ কৈ তেওঁক হেলিকপ্টাৰ লেণ্ড কৰিবলৈ নিদিলে বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে প্ৰতি কিল’গ্ৰাম চুপাৰিত মুখ্যমন্ত্ৰীয়ে 30 টকাকৈ লয় ৷ এই কথা ৰাহুল গান্ধীক কৈছিল বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ এই অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে সামগ্ৰীৰ দামবৃদ্ধিৰ মূল কাৰণ হৈছে ছিণ্ডিকেট ৷