গুৱাহাটী : ৰাজ্যত আৰম্ভ বলিবলৈ আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । অসমৰ বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে নাঙলৰ ফাল কাটি থাকোঁতেই বিজেপিয়ে জঁপিয়াই পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতত । সোমবাৰে বিজেপিয়ে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচন পৰিচালনা কমিটী, ইস্তাহাৰ কমিটী, জিলাৰ তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কৰ তালিকা ।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সোমবাৰে এক জাননীযোগে ঘোষণা কৰিছে এই তথ্য ৷ উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত দিন এতিয়াও ঘোষণা হোৱা নাই যদিও ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সমাগত পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি শেহতীয়াকৈ সম্ভাৱনা প্ৰকাশ কৰিছে । আনহাতে, জানুৱাৰী মাহৰ আৰম্ভণিতে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে নিৰ্বাচনী ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পাইছে ।
দাসে নিশ্চিত কৰে যে ২০২৪ চনৰ ২৮ ডিচেম্বৰত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ’ব । ৰাজ্যৰ মুঠ ২,১৯৩ খন গাঁও পঞ্চায়ত, ১৮১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৩ টা জিলা পৰিষদ সমষ্টিক সামৰি ল’ব এই পঞ্চায়ত নিৰ্বাচনে । আনহাতে, এক আইনী জটিলতাত সোমাই পৰিছে পঞ্চায়ত নিৰ্বাচন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৯ জানুৱাৰী পর্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত ৰাজ্যিক নিৰ্বাচনী আয়োগক শেহতীয়াকৈ বাধা আৰোপ কৰিছে । কিন্তু দিন নিৰ্দিষ্ট নহ’লেও পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ।
কঁকালত টঙালি বান্ধিছে বিজেপিয়ে, ঘোষণা কৰিলে নিৰ্বাচন পৰিচালনা কমিটী, ইস্তাহাৰ কমিটী আৰু জিলা তত্ত্বাৱধায়ক মন্ত্ৰীৰ তালিকা
বিজেপিৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাসক সমন্বয়ক হিচাপে লৈ বিজেপিয়ে ঘোষণা কৰিছে এখন ১৩ জনীয়া নিৰ্বাচন পৰিচালনা কমিটী । বিজেপিৰ পঞ্চায়ত নিৰ্বাচন পৰিচালনা কমিটীত সহ-সমন্বয়ক হিচাপে আছে অশোক ভট্টৰায়, ড° ৰাজদীপ ৰয় আৰু অজয় কোঁৱৰ ৷ লগতে আছে আন ৯ জন সদস্য ৷ তেঁওলোক হ’ল— টিনামণি দৈমাৰী, স্বপ্না বণিয়া, অশ্বিনী ৰায় সৰকাৰ, মুন স্বৰ্ণকাৰ, সুভাষ দত্ত, ইন্দিৰা গগৈ, অৰুণ মৰাণ, ৰিতুপৰ্ণ বৰুৱা আৰু প্ৰদীপ কছাৰী ৷
ৰণজিৎ দাসৰ নেতৃত্বত ইস্তাহাৰ কমিটী
আনহাতে, ৰাজ্যিক বিজেপিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লগতে ঘোষণা কৰিছে ১১ জনীয়া ইস্তাহাৰ কমিটী ৷ ইস্তাহাৰ কমিটীৰ সমন্বয়ক হিচাপে দায়িত্ব দিয়া হৈছে ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰণজিৎ দাসক ৷ ইস্তাহাৰ কমিটীত ৰণজিৎ দাসৰ সহঃ সমন্বয়ক হিচাপে বিজেপিয়ে দায়িত্ব দিছে দুই যুৱনেতা দিপ্লু ৰঞ্জন শৰ্মা আৰু পুলক গগৈক । পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ কমিটীৰ সদস্যৰূপে আছে মন্ত্ৰী ৰণোজ পেগু, জয়ন্তমল্ল বৰুৱা, ৰেখাৰাণী দাস বড়ো, প্ৰদীপ ঠাকুৰীয়া আদি জ্যেষ্ঠ নেতাৰে মুঠ আঠগৰাকী সদস্য ।
পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাত কোন মন্ত্ৰীক দায়িত্ব ?
পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু ৰণকৌশলৰ বাবে বিজেপিৰ প্ৰশাসনীয় ৩১ খন জিলাত দায়িত্ব দিছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰীমণ্ডলীক । সেই অনুসৰি, মৰিগাঁও আৰু বজালীত অশোক সিংহল, ধুবুৰীত পৱিত্ৰ মাৰ্ঘেৰিটাক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে ।
লগতে জয়ন্তমল্ল বৰুৱাক বঙাইগাওঁ, দক্ষিণ কামৰূপ আৰু উত্তৰ কামৰূপ এই তিনি বিজেপিৰ প্ৰশাসনীয় জিলাৰ দায়িত্ব দিছে । একেদৰে বৰপেটা, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰত দায়িত্ব দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৷
কাছাৰত মন্ত্ৰী কৃষ্ণেন্দু পাল, হাইলাকান্দি আৰু শ্ৰীভূমিত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব দিছে ৷ মন্ত্ৰী পীযুষ হাজৰীকাক দায়িত্ব দিছে হোজাই, বিশ্বনাথ আৰু নগাঁৱৰ । মন্ত্ৰী অজন্তা নেওগক শোণিতপুৰ আৰু কলিয়াবৰৰ দায়িত্ব দিয়াৰ বিপৰীতে চৰাইদেউ আৰু শিৱসাগৰৰ দায়িত্ব দিছে প্ৰশান্ত ফুকনক ৷
ইফালে বিলাসীপাৰা, দৰং আৰু নলবাৰীৰ তত্ত্বাৱধায়কৰ দায়িত্ব মন্ত্ৰী ৰণজিৎ দাসক দিয়া হৈছে ৷ মাজুলী আৰু তিনিচুকীয়াৰ দায়িত্বত মন্ত্ৰী যোগেন মহন, ডিব্ৰুগড় আৰু লখিমপুৰৰ তত্ত্বাৱধায়ক ৰণোজ পেগু, গোলঘাট আৰু যোৰহাটৰ দায়িত্ব বিমল বড়াক দিছে ৷
লগতে ঢকুৱাখনা আৰু ধেমাজিৰ দায়িত্ব ৰূপেশ গোৱালাক, নন্দিতা গাৰ্লোছাক গুৱাহাটীৰ দায়িত্ব দিছে বিজেপিয়ে । মন কৰিবলগীয়া যে প্ৰতিগৰাকী জিলা তত্ত্বাৱধায়কৰ লগত কমিটীখনত দিয়া হৈছে এগৰাকীকৈ সহঃ তত্ত্বাৱধায়ক ।