অসম

assam

ETV Bharat / politics

দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

ৰঙিয়া বিধানসভা সমষ্টিত নতুনকৈ সন্নিবিষ্ট হোৱা হাজো সমষ্টিৰ বিভিন্ন গাওঁ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ ৷ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াকে ধৰি দলটোৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰচাৰ অভিযানত ৷

Lok Sabha Election 2024
বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:35 PM IST

বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

ৰঙিয়া, ২ এপ্ৰিল:লোকসভা নিৰ্বাচনৰ পূৰ্বে দৰং-ওদালগুৰি সমষ্টিত বিজেপিয়ে প্ৰচাৰ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে । মঙলবাৰে দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াই ৰঙিয়া বিধানসভা সমষ্টিত নতুনকৈ সন্নিবিষ্ট হোৱা হাজো সমষ্টিৰ বিভিন্ন গাওঁ পঞ্চায়তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । এই নিৰ্বাচনী প্ৰচাৰত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াকে ধৰি দলটোৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

দিনটোৰ কেইবাখনো সভাৰ অন‍্যতম বৃহত্তৰ অঞ্চলটোৰ গড়পোট জগধাত্ৰী পূজা সভাগৃহত অনুষ্ঠিত সভাখনত ভবেশ কলিতাই পৰিচালনা কৰে । সভাখনত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বিৰোধী পক্ষৰ কংগ্ৰেছৰ লগতে মিত্ৰজোঁটক সমালোচনা কৰি কয় যে বিৰোধীৰ মিত্ৰজোঁট এতিয়া শিয়ালৰ হোৱালৈ ৰূপান্তৰিত হৈছে । আনহাতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বুলি ৰঙিয়াৰ বিধায়কগৰাকীয়ে চৰকাৰখনে বিগত সময়ছোৱাত গ্ৰহণ কৰা পৰিৱৰ্তনকামী কামসমূহ লগতে হিতাধিকাৰীসকলৰ বাবে গ্ৰহণ কৰা আঁচনি তথা পদক্ষেপ সমূহৰ বিষয়ে ব‍্যাখ‍্যা কৰে ।

একেখন সভাত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াইও ভাষণ দিয়ে । তেওঁ ভাষণৰ আৰম্ভনিতে 'যি হৈছিল ভাল হৈছিল, যি হৈছে ভালেই হৈছে আৰু যি হ’ব সেয়াও ভাল হ’ব' বুলি কৈ আগন্তুক নিৰ্বাচনত জয়ী হ’ব বুলি আশা ব‍্যক্ত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত সকলো দিশত উন্নতি হোৱা বিষয়ে ক’বলৈ গৈ নিৰ্বাচনৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে কয় যে উন্নতিৰ ধাৰা অব্যাহত ৰাখিবলৈ হ’লে পুনৰবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব লাগিব আৰু তাৰবাবে ৰাইজে পুনৰবাৰ বিজেপিক শাসনৰ গাদীত বহিবলৈ সুযোগ দিব বুলি কয় ।

প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ দিনৰ দুৰ্নীতি সমুহৰ বিষয়ে ৰাইজৰ আগত ব‍্যাখ‍্যা কৰি কয় যে বৰ্তমান চৰকাৰৰ সময়ত মধ‍্যভোগীৰ দিন শেষ । সেয়েহে বৰ্তমান দুৰ্নীতিও বহু পৰিমাণে কমি গৈছে । উক্ত সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কংগ্ৰেছৰ কেইবা গৰাকীও সদস্যৰ লগতে প্ৰায় পঞ্চাশ গৰাকী স্থানীয় লোকে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ।

লগতে পঢ়ক:সংখ্যালঘু-সংখ্যাগুৰু দুয়ো মিলি কৰিব ভাৰতক বিশ্বগুৰু: দিলীপ শইকীয়া - Lok Sabha Election Assam

ABOUT THE AUTHOR

...view details