অসম

assam

ETV Bharat / politics

চেঙাত ভূপেন বৰা, লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

LOK SABHA POLLS 2024 : নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়ায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ চেঙাত অনুষ্ঠিত এই প্ৰচাৰ সভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

LOK SABHA ELECTION 2024
নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:43 PM IST

ভূপেন বৰা, লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা, ২৯ এপ্ৰিল : চেঙা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ৷ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ বান্দালিত অনুষ্ঠিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ৷ সভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু দেবব্ৰত শইকীয়াৰ ৷

এই প্ৰচাৰ কাৰ্যৰ সময়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণত লুৰিণজ্যোতি গগৈয়ে কয় যে, বিজেপিয়ে মুছলমানসকলক একপ্ৰকাৰ টাৰ্গেট হিচাপে লৈ কাম কৰি আহিছে ৷ ৰাজ্যত ঘটি থকা সৰু-বৰ প্ৰতিটো অপৰাধত জড়িত অভিযুক্তক কৰায়ত্ত কৰাৰ সলনি মুছলমান লোকসকলকহে টাৰ্গেট কৰি আহিছে ৷ বিজেপিত যোগদান কৰিলে সাত খুন মাফ হৈ যায় বুলিও লুৰিণজ্যোতি গগৈয়ে প্ৰকাশ কৰে ৷

ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফ-ৰ নিৰ্বাচনী প্ৰাৰ্থী বদৰুদ্দিন আজমলকো সমালোচনা কৰি কয় গগৈয়ে আজমলে হিমন্ত বিশ্ব শৰ্মাৰ হকে কাম কৰি অহা বুলি অভিযোগ উত্থাপন কৰে ৷ এইবাৰ বদৰুদ্দিন আজমলক ধুবুৰী সমষ্টিবাসীয়ে বিদায় দিয়াটো নিশ্চিত বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি জাতিৰ স্বাৰ্থত মাত মাতি অহা নেতাগৰাকীয়ে পৰৱৰ্তী সময়তো একে স্থিতি অব্যাহত ৰখাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

এই প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে বিজেপি কৰ সংগ্ৰহ কৰাৰ চৰকাৰ বুলি সমালোচনা কৰে ৷ তেওঁ লগতে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সাধাৰণ জনতাক মাধমাৰ শোধাই কৰ সংগ্ৰহ কৰাৰ বিপৰীতে বৃহৎ বৃহৎ উদ্যোগৰ পৰাহে কৰ সংগ্ৰহ কৰিছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত সৰ্বসাধাৰণ ৰাইজে প্ৰতিটো বস্তুৰ বাবদ কৰ দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ সেয়ে এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে কংগ্ৰেছক ভোট দিয়াতো প্ৰয়োজনীয় হৈ পৰিছে ৷

একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো নিজ ভাষণত বিজেপি আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে ৷ অপসংস্কৃতি, অপমানসূচক বাক্য ক’ব পৰা নেতা আজমলৰ বাদে কোনো নাই । নেতাৰ মুখত শোভা নোপোৱা যিকোনো মন্তব্য আজমলে দিব পাৰে বুলি বৰাই বিৰোধী প্ৰাৰ্থীগৰাকীক সমালোচনা কৰে ৷ সেয়ে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোটদান কৰি জয়ী কৰিবলৈ উপস্থিত ভোটাৰ ৰাইজক আহ্বান জনায় ভূপেন বৰাই ৷

ইয়াৰোপৰি বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই কয় যে, কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে প্ৰতি মাহৰ 9 তাৰিখে 2500 টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৷ তদুপৰি গৃহিণীসকলে মাত্ৰ 500 টকাতে লাভ কৰিব চিলিণ্ডাৰ ৷ এই সুবিধাসমূহৰ উপৰিও আশা আৰু অংগণবাদী কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধি কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ভূপেন বৰাই ৷ চেঙাত অনুষ্ঠিত এই প্ৰচাৰ সভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:গৃহমন্ত্ৰীক টুইন টাৱাৰ দেখুৱাই থৈ যাবলৈ আহ্বান মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

বৰপেটা লোকসভা সমষ্টিত এজনেই হওক বিৰোধীৰ প্ৰাৰ্থী: সিদ্ধান্ত বিচাৰি কংগ্ৰেছলৈ অখিল গগৈৰ আহ্বান - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details