অসম

assam

ETV Bharat / politics

এজন ৰকিবুল হুছেইনৰ বাবে সমগ্ৰ মুছলমানক আঘাত দিব নালাগিছিল; ৰাইজৰ দলৰ নেতা - BEEF BANNED IN ASSAM

চৰকাৰে গো-মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ একাংশ সংখ্যালঘু ৰাইজ ।

BEEF BANNED IN ASSAM
গো-মাংস নিষিদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 10:45 PM IST

ধুবুৰী:শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ চৰ্চা লাভ কৰা বিষয়টো হৈছে গো-মাংস ৷ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয় আৰু বিৰোধীৰ পৰাজয়ৰ পাছতে আৰম্ভ হৈছিল মঙহৰ ৰাজনীতি ৷ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰিছিল যে বিজেপিয়ে চামগুৰিত গো-মাংস ভোজ-ভাত খুৱাই উপ-নিৰ্বাচনত জয়ী হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো তুলিছিল একেই অভিযোগ ৷ যাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰে ৷

শাসক দল বিজেপিয়েও কংগ্ৰেছ তথা ৰকিবুল হুছেইনক সমালোচনা কৰি এনেদৰে মঙহৰ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ৷ তাৰ মাজতেই বুধবাৰে অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমৰ হোটেল আৰু ৰাজহুৱা অনুষ্ঠানত গো-মাংস নিষিদ্ধ কৰা হয় ৷ এই ঘোষণাৰ পাছতেই মঙহৰ ৰাজনীতিক লৈ জ্বলি থকা জুইকুৰা আৰু যেন দপদপকৈ জ্বলে ৷

ৰাইজৰ দলৰ নেতাৰ প্ৰতিক্ৰিয়া (ETV Bharat)

বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই সন্দৰ্ভত ৷ চৰকাৰক সমালোচনাও কৰিলে বিৰোধীৰ বহু নেতাই ৷ তাৰ মাজতেই বিজেপিৰ পৰা সভাপতি ভৱেশ কলিতাকে ধৰি বিভিন্নজনে ক’বলৈ ধৰিলে যে ৰকিবুল হুছেইনৰ বাবেই গো-মাংস ৰাজ্যত নিষিদ্ধ কৰা হ’ল ৷

লগতে পঢ়ক:অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো-মাংস: হোটেল-ৰেস্তোৰাঁতো নচলিব

তাৰ পাছতেই চৰকাৰে গো-মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ একাংশ সংখ্যালঘু ৰাইজ । ইপিনে ড৹ শৰ্মা কেবিনেটে যি সিদ্ধান্ত লৈছে সেয়া ভাৰতীয় সংবিধান উলংঘা কৰি লোৱা এক হঠকাৰী সিদ্ধান্ত আখ্যা ধুবুৰীৰ একাংশ সচেতন নাগৰিকৰ ।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মনচুৰ আলীয়ে এই সন্দৰ্ভত কয়, ‘‘অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তত চৰম লজ্জিত হৈছোঁ ৷ অন্তৰত আঘাত পাইছোঁ, মনত বিৰাট দুখ অনুভৱ কৰিছোঁ । এনে সিদ্ধান্তৰে এটা ধৰ্মক আঘাত কৰাটো ঠিক হোৱা নাই ।’’

লগতে পঢ়ক:উন্নয়নত ব্যৰ্থ হোৱা বাবেই খাদ্যক লৈ ব্যস্ত চৰকাৰ: আমিনুল ইছলাম

এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় তেওঁ কয়, ‘‘যদি চামগুৰিৰ উপ-নিৰ্বাচনত বিজেপিৰ সভা-সমিতিত গো-মাংসৰ ভোজ খুৱাইছে, নিশ্চয় ৰকিবুল হুছেইনে দেখাৰ পাছত মন্তব্য কৰিছে আৰু যদি বিজেপিৰ সভা-সমিতিত কোনো ধৰণৰ তেনেকুৱা বিশেষ মাংসৰ ভোজ হোৱা নাই তেন্তে ৰকিবুল হুছেইনক আৰক্ষীৰ দ্বাৰা তদন্ত কৰি গ্ৰেপ্তাৰ কৰক ৷ এজন ৰকিবুল হুছেইনৰ কাৰণে এনে এক হঠকাৰী সিদ্ধান্ত লৈ মুছলমান সম্প্ৰদায়ৰ লোকক আঘাত কৰিব নালাগিছিল ।’’

লগতে পঢ়ক:গো-মাংস নিষিদ্ধৰ মূলতে ৰকিবুল হুছেইন: দোষ ঠেলি দায়মুক্ত হোৱাৰ প্ৰয়াস নেকি ভৱেশ কলিতাৰ ?

ABOUT THE AUTHOR

...view details