ধুবুৰী, ১ মে':বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ধুবুৰীৰ গৌৰীপুৰৰ বালাজনত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত আজমলক তুলা-ধূনা দি তীব্র সমালোচনা কৰি যায় ৷ পিছে প্ৰিয়ংকাক প্ৰত্যুত্তৰ দিবলৈ আজমলে ভালদৰে সময় নৌপাওঁতেই মানকাচৰত আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত লাগিল অথন্তৰ । ধৈৰ্যচ্যুতি ঘটিল আজমলৰ ।
দলীয় কৰ্মীক মঞ্চৰ ওপৰতে শোধালে প্ৰচণ্ড চৰ । ঘটনাৰ পিছতেই হতভম্ভ সকলো । তাতেই শেষ নহ'ল আজমলৰ অথন্তৰ । ধুবুৰীৰ গৌৰীপুৰৰ ৰূপচী এলেকাতো তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ল আজমল । সভাত একাংশ উত্তেজিত AIUDF কৰ্মীয়ে হঠাৎ একাংশ সংবাদকৰ্মীক দলবদ্ধভাৱে খেদি খেদি আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্র প্ৰতিক্ৰিয়াৰ ।
গৌৰীপুৰৰ দাওভাঙিত AIUDF দলৰ নিৰ্বাচনী সভাত বিধায়ক নিজানুৰ ৰহমানৰ উপস্থিতিত বিধায়কৰ একাংশ ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণৰ বলি হয় একাংশ সাংবাদিক । কৰ্তব্যৰত একাংশ সংবাদকৰ্মীক সভাস্থলীত থকা চকী লৈ খেদি খেদি AIUDF কৰ্মীয়ে আক্ৰমণ কৰে । ফলত সৃষ্টি হয় এক ভয়াৱহ পৰিস্থিতিৰ । গুৰুতৰভাৱে আহত এজন স্থানীয় সাংবাদিক ।