অসম

assam

ETV Bharat / politics

সংসদত আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য; ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ - APCC PROTEST RALLY IN ASSAM

সংসদত বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদী সমদল উলিয়ায় । গোলাঘাটত সমদলকাৰীক বাধা আৰক্ষীৰ ৷

APCC protest rally in Assam
ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 7:09 PM IST

যোৰহাট : ভাৰতৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা অপমানসূচক মন্তব্যৰ প্ৰতিবাদ জনাই যোৰহাট জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । মঙলবাৰে সংবিধান প্ৰণেতাগৰাকীৰ প্ৰতিচ্ছবিত সেৱা জনাই যোৰহাট জিলা কংগ্ৰেছৰ নেতৃত্বত যোৰহাট নগৰৰ মাজেৰে কংগ্ৰেছে এক শান্তি সমদল উলিয়ায় ।

এই প্ৰতিবাদী শান্তি সমদলত অংশগ্ৰহণ কৰি তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই কয়, "ভীমৰাও আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানৰ কাৰণে আমাৰ গণতন্ত্ৰ মজবুত হৈ আছে । সেয়েহে সংবিধানক আঘাত কৰা কোনো কাৰ্য আৰু মন্তব্যক কংগ্ৰেছ দলে কোনো কাৰণত সহ্য নকৰে আৰু কৰিব নোৱাৰে ।"

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ লগতে কয়, "গৃহ মন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত সংবিধান প্ৰণেতাগৰাকীক অপমান কৰা কাৰ্যত অকল কংগ্ৰেছ দলেই দুখ পোৱা নাই, প্ৰত্যেকজন ভাৰতবাসীয়ে অন্তৰত দুখ পাইছে । কাৰণ আমাৰ সংবিধানখনৰ কাৰণে সকলো জাতি-জনগোষ্ঠী মিলি আমি দেশত সমিলমিলেৰে আছোঁ আৰু ঐক্য, শান্তি, সম্প্ৰীতিৰ ভেটি মজবুত কৰি ৰাখিছে ।"

কংগ্ৰেছে গ্ৰহণ কৰা শান্তি সমদল কাৰ্যসূচী নগৰৰ মাজেৰে পদযাত্ৰা কৰি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় । তাত জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

ইফালে কংগ্ৰেছৰ প্ৰতিবাদৰ কাৰণে জিলাখনৰ বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হয় ।

বি আৰ আম্বেদকাৰৰ সন্মানাৰ্থে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল

মাজুলী : ড৹ বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহে কৰা মন্তব্যক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী জিলা কংগ্ৰেছৰ তৰফৰ পৰাও এক প্ৰতিবাদী সমদল উলিওৱা হয় । মাজুলীৰ গড়মূৰ ৰাজীৱ ভৱনৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ মাজুলী জিলা কংগ্ৰেছে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংসদত অমিত শ্বাহে সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বিৰোধিতাৰে আৰু আম্বেদকাৰৰ সন্মানাৰ্থে অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । আজিৰ এই কাৰ্যসূচীত মাজুলী জিলা কংগ্ৰেছৰ শ শ কংগ্ৰেছ কৰ্মীয়ে সমদলত যোগদান কৰে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাজুলী জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক দীনমণি দত্তই কয়, "সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰক লৈ যিধৰণৰ মন্তব্য কৰিছে তাক মাজুলী জিলা কংগ্ৰেছে গৰিহণা দিছোঁ । বি আৰ আম্বেদকাৰৰ সন্মানাৰ্থে আমি আজি এই সমদল বাহিৰ কৰিছোঁ । বিজেপি চৰকাৰ অকল জনবিৰোধীয়েই নহয়, সংবিধানবিৰোধীও । আৰ এছ এছৰ নীতিৰে দেশখন চলাবলৈ বিচাৰিছে বিজেপি চৰকাৰে । 24 ঘণ্টাৰ ভিতৰত অমিত শ্বাহে ক্ষমা খোজক অন্যথা পদত্যাগ কৰক ।"

গোলাঘাটত কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰাত আৰক্ষীৰ বাধা

গোলাঘাট :ভাৰতৰ সংবিধান খচৰা সমিতিৰ সভাপতি ড৹ ভীমৰাও আম্বেদকাৰ সন্দৰ্ভত সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা বিৰূপ মন্তব্য সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসমৰ প্ৰতিখন জিলাত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি আৰু মৌন সমদল কাৰ্যসূচী গোলাঘাটতো ৰূপায়ণ কৰা হয় ।

গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত গোলাঘাট নগৰৰ কংগ্ৰেছ ভৱনত দেশৰ সংবিধান প্ৰণেতা ড৹ ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গোলাঘাট জিলা কংগ্ৰেছৰ উপ-সভাপতি ডিম্ব গগৈয়ে বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে শ্ৰদ্ধা নিবেদন কৰে ।

লগতে পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লে'-কাৰ্ড লৈ সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে সংবিধান প্ৰণেতা ড৹ ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য নচলিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক গ্ৰেপ্তাৰ কৰক, সংবিধানৰ মৌলিক অধিকাৰ সুৰক্ষা কৰক, বিজেপিৰ স্বৈৰাচাৰী শাসন বন্ধ কৰক, বিজেপিৰ হিটলাৰী শাসন নচলিব, নাগৰিকৰ ভাষা বুজি নোপোৱা বিজেপি চৰকাৰ হায় হায়, দলিত শ্ৰেণীৰ প্ৰতি বিৰূপ মন্তব্য নচলিব ইত্যাদি শ্ল'গানৰ প্লে'কাৰ্ড প্ৰদৰ্শন কৰে ।

ইফালে গোলাঘাট জিলা কংগ্ৰেছ ভৱনৰ পৰা মৌন সমদল যাত্ৰা উলিওৱাৰ সময়ত অসম আৰক্ষীয়ে কংগ্ৰেছৰ সমদলকাৰীক বাধা প্ৰদান কৰে । তাৰ পাছত গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী, কংগ্ৰেছ নেতা সঞ্জীৱ তালুকদাৰ, জিলা যুৱ কংগ্ৰেছৰ মহিলা নেত্ৰী তৃষ্ণা চুতীয়াক অসম আৰক্ষীয়ে চোঁচৰাই নিয়াৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । লগতে অতিৰিক্ত আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

স্মাৰক-পত্ৰ প্ৰদান কৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে কয়, "দলৰ জেষ্ঠ নেতাই কৈছিল যে আমি সমদল কৰিম, কিন্তু প্ৰতিবাদ নকৰোঁ । যাৰ বাবে আমি আজি সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ । মুখ্যমন্ত্ৰীয়ে কৈছিল সমদল কৰিব পাৰিব । কিন্তু গোলাঘাট পুলিচ প্ৰশাসনে আমাক আহিবই দিয়া নাই ।"

লগতে পঢ়ক :গণতান্ত্ৰিক আন্দোলনত অগণতান্ত্ৰিক বাধা ! বিনাশ কালত বিপৰীত বুদ্ধি লোৱা বুলি কাক ক’লে সাংসদ ৰকিবুলে - RAKIBUL HUSSAIN SLAMS ASSAM CM
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ পদত্য়াগৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ - PRADYUT BORDOLOI SLAMS BJP

ABOUT THE AUTHOR

...view details