গুৱাহাটী, ৩ মে':ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী অন্যতম ৰাজনীতিক ছুম ৰংহাঙৰ দেহাৱসান । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগৰ সৈতে যুঁজি আছিল ৰাজনীতিক গৰাকীয়ে । যোৱা ২৩ মাৰ্চৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী । মধুমেহ ৰোগতো আক্ৰান্ত আছিল ছুম ৰংহাং ।
অৱশেষত শুকুৰবাৰে বিয়লি প্ৰায় ৪.৪৭ বজাত চিকিৎসালয়ৰ বিচনাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । কাৰ্বি আংলং জিলাৰ পাজাপথাৰ টিমিখোলা গাঁৱৰ বাসিন্দা আছিল ছুম ৰংহাং ।
উল্লেখ্য যে, ডিফু বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ২০১৬ চনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ছুম ৰংহাঙে । নিৰ্বাচনত জয়ী হৈ অহাৰ পিচত তেওঁ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী সভাত পাৰ্বত্য উন্নয়ন আৰু খনি মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । তাৰোপৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰো একালৰ মুখ্য কাৰ্যবাহী আছিল ছুম ৰংহাং ।