গুৱাহাটী, ১৮ জুলাই :অসমত কংগ্ৰেছ দলৰ দলীয় কমিটীসমূহৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হ’ব । বুধ তথা মণ্ডল কমিটী পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক সদৰী কৰে ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰিছিল ৷ তেওঁ কয় যে অসমত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিযোগিতাত আগবাঢ়ি যোৱাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰ্যায়ৰ পৰা মণ্ডল তথা বুথ পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হ'ব । বিধানসভাৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি পঞ্চায়ত তথা পৌৰসভা নিৰ্বাচনকলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সকলো সিদ্ধান্ত নলয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ক্ষেত্ৰত পৰ্যবেক্ষকৰ ভূমিকা ল'ব ।
ভূপেন বৰাই কয় যে জিলা পৰিষদৰ টিকট দিয়াৰ ক্ষেত্ৰত জিলা কমিটিয়ে, পঞ্চায়তৰ তথা পৌৰসভাৰ সদস্যৰ টিকট দিয়াৰ ক্ষেত্ৰত বুথ তথা মণ্ডল কমিটিয়ে সিদ্ধান্ত ল'ব । অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইক্ষেত্ৰত পৰ্যবেক্ষকৰ ভূমিকা ল'ব ।
স্বতন্ত্ৰ ক্ষমতা কংগ্ৰেছৰ অনুশাসন কমিটীক :
ভূপেন বৰাই সদৰী কৰা মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুশাসন কমিটিক স্বতন্ত্ৰ ক্ষমতা দিয়া হ'ব । কোনো প্ৰভাৱশালী নেতাৰ জৰিয়তে কমিটীখন পৰিচালিত নহয় ৷ তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । দলৰ সংবিধানৰ ভিত্তিত এই কমিটিখন পৰিচালিত হ'ব ।