গুৱাহাটী, ২২ মাৰ্চ: অৱশেষত বিজেপি দলত যোগদান কৰিলে সদ্য পদত্যাগী প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই । সুদীৰ্ঘ পাঁচটা দশকৰো অধিক সময় কংগ্ৰেছ কৰা জ্যেষ্ঠ নেতাজনে অলপতে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিচতে আজি বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।
গেৰুৱা বসন পৰিধান কৰাৰ পিচতে তেওঁ কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয়, ‘‘কংগ্ৰেছ ত্যাগ কৰি দুদিনমান বহু মানুহৰ লগত আলোচনা কৰি সকলো কথা ভাবি-চিন্তি চাই অৱশেষত বিজেপিত যোগ দিয়াৰ সিদ্ধান্ত ল'লো ।’’ কংগ্ৰেছ দলত পঞ্চাছ বছৰৰ অভিজ্ঞতা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আজি একেদিনাই সকলো কথা উজাৰি দিলে মানুহে অকৃতজ্ঞ বুলি ক'ব ।
কংগ্ৰেছ দলত বৰ্তমান সময়ত দেশৰ বাবে সেৱা কৰাৰ পৰিৱেশ নাই বুলি সদৰী কৰি তেওঁ কয় যে দেশৰ স্বাৰ্থতে আজি তেওঁ বিজেপিলৈ আহিছে । কংগ্ৰেছ দলত আগৰ সেই নীতিগত পৰিৱেশ নাই বুলি অভিযোগ কৰি দ্বিজেন শৰ্মাই কয় যে যাৰ বাবে তেওঁ মানসিক অশান্তিত ভুগিছিল । কংগ্ৰেছত মাৰ্ক্সবাদী বুদ্ধিজীৱীৰ আগমন ঘটিছে বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছত বাহিৰা মানুহৰ প্ৰয়োভৰ আৰু প্ৰভাৱ বৃদ্ধি পাইছে ।
ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছত জাত-পাতৰ ৰাজনীতি চলাৰ অভিযোগো তেওঁ উত্থাপন কৰে । কংগ্ৰেছত এতিয়া নেতাৰ অভাৱ হৈছে বুলি উল্লেখ কৰি দ্বিজেন শৰ্মাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছক নেতৃত্ব দিব পৰা নেতা নাই বুলি সদৰী কৰি তেওঁ কয় যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৱল নেতৃত্ব দিছে ।