অসম

assam

ETV Bharat / politics

বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi - AKHIL GOGOI

Assam Politics : হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, হিটলাৰী শাসন, গুণ্ডাগিৰিৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে ৷ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে ৷ সেয়েহে হিমন্ত বিশ্ব শৰ্মাই অসমত উপ-নিৰ্বাচন পাতিবলৈ ভয় খাইছে- মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ ৷

AKHIL GOGOI PRESS MEET
বিধায়ক অখিল গগৈৰ সংবাদমেল (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:27 PM IST

কাজিৰঙা, 19 জুন :"অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, যোৰহাটে বহুত ভয় দি দিলে ৷ নগাঁও আৰু ধুবুৰীয়েও ভয় দিলে ৷" কাজিৰঙাত উপস্থিত হৈ বুধবাৰে এই মন্তব্য কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে এতিয়া উপলব্ধি কৰিছে যে সমগ্ৰ অসমৰ মানুহ বিজেপিৰ বিৰুদ্ধে আছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, হিটলাৰী শাসন, গুণ্ডাগিৰিৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে ৷ আনকি বিজেপিৰ পুৰণি মানুহখিনিয়েই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে ৷ সেয়েহে হিমন্ত বিশ্ব শৰ্মাই অসমত উপ-নিৰ্বাচন পাতিবলৈ ভয় খাইছে ৷ বৰ্তমান চাৰিখন বিধানসভাৰ আসন খালী হৈছে আৰু ইয়াত শীঘ্ৰেই নিৰ্বাচন হ’ব লাগে বুলি কয় অখিল গগৈয়ে ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে সেয়েহে এতিয়া তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাহস কৰিব পৰা নাই বুলিও কয় তেওঁ ৷

ইফালে অসমত এখন আই আই এম স্থাপন কৰিবলৈ লোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক গগৈয়ে ৷ চৰকাৰৰ এই পদক্ষেপৰ বাবে আনন্দিত হোৱা বুলি উল্লেখ কৰি তেওঁ সকলো অনুষ্ঠান গুৱাহাটীত কিয় হ’ব লাগে বুলি প্ৰশ্ন কৰে তেওঁ ৷ আই আই এমখন কিয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত হ’ব লাগে বুলি প্ৰশ্ন কৰে তেওঁ ৷ তেওঁ আকাশী পথ, ৰে’ল পথেৰে উন্নত যোগাযোগ তথা যাতায়ত ব্যৱস্থা থকা ডিব্ৰুগড়ত কিয় আই আই এমখন স্থাপন কৰা নহ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰাৰ দাবী জনায় ৷ লগতে তেওঁ এইক্ষেত্ৰত ডিব্ৰুগড়ৰ ৰাইজকো দাবী উত্থাপন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :574 বিঘা ভূমিত হ’ব আই আই এম গুৱাহাটী : পলাশবাৰী হ’ব শিক্ষাৰ হাব - Proposed site for IIM Guwahati

আনহাতে গুৱাহাটী মহানগৰকে ধৰি অসমৰ মূল কেবাখনো চহৰ তথা বিভিন্ন ঠাইত হোৱা কৃত্ৰিম বানক লৈয়ো চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ৷ তেওঁ কয় যে, এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰ মহাসাগৰলৈ পৰিণত হয় ৷ কেৱল গুৱাহাটীয়েই নহয়, অসমৰ প্ৰত্যেকখন নগৰেই এতিয়া কৃত্ৰিম বানত বিধ্বস্ত ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ এই সমস্যা সমাধানৰ বাবে ন্যূনতমো কোনো পৰিকল্পনা নাই বুলি কয় তেওঁ ৷ ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে চৰকাৰ যেনেদৰে ব্যৰ্থ হৈছে তেনেদৰে অসমৰ মহানগৰ আৰু নগৰৰ কৃত্ৰিম বান ৰোধতো চৰকাৰ ব্যৰ্থ হৈছে বুলি সমালোচনা কৰে তেওঁ ৷

ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলক 'বেপাৰী' আখ্যা দি বিধায়ক অখিল গগৈয়ে কয় যে, অসমৰ কোনো এখন নগৰৰ কোনো এটা অঞ্চলৰ বান নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰহণ কৰা কোনো এটা ব্যৱস্থা তেখেতৰ মুখত আজিলৈকে শুনা নাই ৷ আজি গুৱাহাটী ডুবি আছে কিন্তু অশোক সিংহলে অৰুণাচলত ৰাজনীতি কৰাৰ বাহিৰে আন একো কৰা নাই ৷ কেৱল অৰুণাচলত চৰকাৰ ভঙা-পতাৰ ৰাজনীতি কৰি থাকিয়েই অসমখনক লুটি থাকিলেই নহ’ব বুলি মন্ত্ৰী অশোক সিংহলক তীব্ৰ কটাক্ষ কৰে বিধায়কজনে ৷

লগতে পঢ়ক :অগ্নিশৰ্মা অখিল গগৈ : ঠিকাদাৰ নাহিল, প্ৰজেক্ট মেনেজাৰকে ধমক - Akhil Gogoi Warns Contractor

ABOUT THE AUTHOR

...view details