অসম

assam

ETV Bharat / politics

উপ-নিৰ্বাচন: চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ - ASSAM BYE ELECTION 2024

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলে আৰু শুদ্ধ কুমাৰ বসুমতাৰীক বি পি এফে প্ৰাৰ্থী হিচাপে ঘোষণা কৰে সোমবাৰে ।

ASSAM BYE ELECTION 2024
চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 21, 2024, 9:12 PM IST

চিৰাং:চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা । ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে সোমবাৰে ঘোষণা কৰা হয় । চিৰাং জিলাৰ কাশিকোত্ৰাস্থিত এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিজেপি, অগপৰ লগতে দলীয় নেতৃত্বৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ।

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতেই কাশিকোত্ৰাত প্ৰাক-দীপাৱলীসদৃশ পৰিৱেশৰ সৃষ্টি হয় । আতচবাজী আৰু পুষ্পবৃষ্টিৰ মাজেৰে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক আদৰণি জনোৱা হয় । উপস্থিত মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে আৰ'নাই, ফুলাম গামোচাৰে তেওঁক উষ্ণ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জনায় ।

চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ (ETV Bharat Assam)

নিৰ্মল কুমাৰ ব্ৰহ্মই ২৪ অক্টোবৰত মিত্ৰজোঁটৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতিত মননোয়ন পত্ৰ দাখিল কৰিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালী পূজাৰ পিছত চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁট তথা ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ অভিযান চলাব ।

ইফালে চিদলী বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ দলেও আজি প্ৰাৰ্থী ঘোষণা কৰে । চিৰাং জিলা বি পি এফৰ কাৰ্যালয়ত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম । দলৰ উপ-সভাপতি শুদ্ধ কুমাৰ বসুমতাৰীক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰে বি পি এফ দলে । প্ৰাৰ্থী ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সভাপতি থকা সময়ত এবছুৰ মুখপাত্ৰ আছিল শুদ্ধ বসুমতাৰী । তেখেত এজন সমাজকৰ্মী তথা বি পি এফ দলৰ জ্যেষ্ঠ নেতা । বি পি এফ দল এইবাৰ ৮২ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ’ব চিদলী বিধানসভা সমষ্টিত ।"

হাগ্ৰামা মহিলাৰীয়ে লগতে কয়, "প্ৰমোদ বড়ো হাটাও বি টি চি বচাও শ্লোগান লৈ আমি ভোটাৰ ৰাইজৰ ওচৰলৈ যাম । ইপিনে প্ৰাৰ্থীৰ নাম ঘোষণাৰ লগে লগে উখল-মাখল হৈ পৰে বি পি এফৰ কাৰ্যালয় । বিভিন্নজনে আৰ’নাই, ফুলাম গামোচাৰ আদৰণি জনায় প্ৰাৰ্থী শুদ্ধ বসুমতাৰীক ।

লগতে পঢ়ক:চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ তিনিওটা দলে একেলগে কাম কৰাৰ সংকল্প - By Election Of Sidli Constituency

ABOUT THE AUTHOR

...view details