হাফলং : উমৰাংছ'ৰ তিনি কিলোৰ ক'লামাটিস্থিত উমৰাংছ' অসম কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মাজৰ আৰু দুজনৰ মৃতদেহ উদ্ধাৰ । উদ্ধাৰ অভিযানৰ ষষ্ঠদিনা শনিবাৰে পুৱা প্ৰায় 7.35 বজাত কয়লাখনিটোৰ পৰা আৰু এজন শ্ৰমিকৰ মৃতদেহ এন ডি আৰ এফ আৰু সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰ কিছু সময় পিছতেই পোৱা গ’ল আন দুজনৰ মৃতদেহ ৷
শনিবাৰে পুৱা উদ্ধাৰ হোৱা প্ৰথমটো মৃতদেহ উমৰাংছ'ৰ লিজান মগৰ (২৭) নামৰ শ্ৰমিকজনৰ বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ ১ নং ক'লামাটি গাঁৱত । পুৱাই এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে আৰু দুপৰীয়াৰ ভাগত দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে সেনা আৰু এনডিআৰএফ বাহিনীয়ে । মৃত শ্ৰমিক দুজন ক্ৰমে কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰাম আৰক্ষী থানা অন্তৰ্গত মগৰগাঁৱৰ খুশি মোহন ৰায় (৫৭ বছৰ) আৰু শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত থাইলাপাৰাৰ শৰৎ গয়াৰী (৩৭ বছৰ) বুলি চিনাক্ত কৰা হৈছে ৷ বাকী পাঁচগৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।
Rescue efforts in Umrangsu continue with unwavering resolve. Tragically, another body was recovered this morning, with the identity yet to be confirmed. Our hearts go out to the grieving, as we hold onto hope and strength in this difficult time. https://t.co/sELQOdPFW1
— Himanta Biswa Sarma (@himantabiswa) January 11, 2025
উদ্ধাৰ অভিযানৰ অগ্ৰগতি সম্পৰ্কে এনডিআৰএফৰ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচপিএছ কান্দাৰীয়ে সংবাদ সংস্থা ANI ক কয়, "যদি সকলো পানী উলিয়াই দিয়া হয়, আমি সহজে গৈ ভিতৰলৈ অনুসন্ধান অভিযান চলাব পাৰোঁ। এতিয়ালৈকে 4 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে..."
#WATCH | Assam | The fourth body has been recovered by the joint rescue team of the Indian army and NDRF from the inundated rat-hole coal mine at 3 Kilo Umrangso area in Dima Hasao district today. pic.twitter.com/6aUSG4uxv3
— ANI (@ANI) January 11, 2025
উল্লেখ্য যে, যোৱা 6 জানুৱাৰীত উমৰাংছ' অসম কয়লাখনিত এই বিপৰ্যয় সংঘটিত হৈছিল । কয়লাখনিত কাম কৰিবলৈ গৈ খনিটোৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল 9 গৰাকী শ্ৰমিক । ইয়াৰ পিছতে এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, ভাৰতীয় নৌ-সেনাৰ ডুবাৰুৰ দলে অভিযান চলাই নেপালৰ উদয়পুৰৰ বাসিন্দা গংগা বাহাদুৰ শ্রেষ্ঠ নামৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছিল ।
Another body was recovered from the Umrangsu mine a short while ago, marking the third recovery so far. The identification process is currently underway. https://t.co/h8i1ExehcT
— Himanta Biswa Sarma (@himantabiswa) January 11, 2025
যোৱা দুদিনৰ পৰা নাগপুৰৰ পৰা অত্যাধুনিক পাম্প আনি কয়লাখনিৰ পৰা পানী নিষ্কাশন কৰাৰ পিছতে কয়লাখনিটোত পানীৰ স্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে । যাৰ বাবে শনিবাৰে পুৱা এন ডি আৰ এফ আৰু সেনাবাহিনীৰ উদ্ধাৰকাৰী দলে দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পূৰ্বে NDRF ৰ টিম কমাণ্ডাৰ ইন্সপেক্টৰ ৰোশন কুমাৰ সিঙে সংবাদ সংস্থা ANI ৰ আগত কয়, "আমি প্ৰতিদিনে পুৱা পানীৰ স্তৰ পৰীক্ষা কৰো । আজিও সেই কামটো কৰি থাকোতে আমি এটা মৃতদেহ ওপঙি থকা দেখিছিলো । তাৰ পাচত আমি পুৱা প্ৰায় ৭:৩০ বজাত মৃতদেহটো উলিয়াই আনিলো । পানীৰ স্তৰত আছে 6 মিটাৰ হ্ৰাস হৈছে । 5 টা পাম্পে গোটেই ৰাতিটো কাম কৰি আছিল ৷ ২৪ ঘণ্টাই অপাৰেচন চলি আছে ।’’
#WATCH | Dima Hasao, Assam | Inspector Roshan Kumar Singh, Team Commander, NDRF, says, " we check the water level every morning. and when we were doing that, we saw a body floating. so we took it out at around 7:30 am. the water level has been reduced by 6 metres. 5 pumps were… pic.twitter.com/15BIdi4y5g
— ANI (@ANI) January 11, 2025
ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো X ৰ যোগেদি ঘটনা সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷
The identity of the recovered body has been confirmed as Ligen Magar, aged approximately 27 years, a resident of 1 No. Umrangshu, Dima Hasao, Assam. https://t.co/jKQ2tuUIKU
— Himanta Biswa Sarma (@himantabiswa) January 11, 2025
উল্লেখ্য যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অবৈধ কয়লা খনন চলোৱাৰ বাবে পুনুচ নুনিচা নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে হানন লস্কৰ নামৰ আন এগৰাকী ব্যক্তিক অবৈধ খনন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । পুনুচ নুনিচাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । বৰ্তমান পুনুচ নুনিচা চাৰি দিনৰ আৰক্ষীৰ জিম্মাত আছে ।