তেজপুৰ, ২২ এপ্ৰিল: "অৰুণাচল প্ৰদেশৰ লোকসভা নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে শাসকীয় দলক শলঠেকত পেলাইছে । ৰাজ্যখনত বিভিন্ন দিশত হোৱা দুৰ্নীতিৰ বাবে জনসাধাৰণে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে ।" এই মন্তব্য আমাৰ নহয়, পশ্চিম অৰুণাচল প্ৰদেশৰ সংসদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তথা লোকসভা নিৰ্বাচনৰ একমাত্ৰ মহিলা প্ৰাৰ্থী টাকো শ্বীতলে ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বাৰ্তাত এই মন্তব্য কৰিছে ।
তেওঁ কয় যে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশেষকৈ স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা আৰু চুবুৰীয়া ৰাজ্যৰ লগত থকা আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধানক এই লোকসভা নিৰ্বাচনৰ প্ৰধান ইছ্যু হিচাবে লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৰাইজৰ ৮০% সমৰ্থন তথা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । অৰুণাচল প্ৰদেশৰ মুঠ ৮,৯২,৬৯৪ জন ভোটাৰে এইবাৰ বিধানসভা নিৰ্বাচনত ১৩৩ জন প্ৰাৰ্থী আৰু ১৪ জন লোকসভাৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ৰাজ্যখনত ইতিমধ্যে ৬০ জনীয়া বিধানসভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে (১০) দহখন আসন লাভ কৰিছে শাসকীয় বিজেপিয়ে ।
অৰুণাচল পশ্চিম সংসদীয় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নাবাম টুকীকে ধৰি ৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱৰ্তীন হৈছিল । অৰুণাচল পশ্চিমৰ মুঠ ৮ জন প্ৰাৰ্থীৰ লগতে ৫ জন নিৰ্দলীয় প্ৰাৰ্থী থকাৰ বিপৰীতে অৰুণাচল ইষ্টৰ ৬ জন প্ৰাৰ্থীৰ ভিতৰত তিনিজন নিৰ্দলীয় প্ৰাৰ্থী আছে । অৰুণাচল পশ্চিম অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৩৩টা বিধানসভা খণ্ডৰে গঠিত এটা সংসদীয় সমষ্টি ৷ ১৯ এপ্ৰিলত ভোটগ্ৰহণ সমাপ্ত হোৱা অৰুণাচল পশ্চিমত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য ভোটাৰে বন্দী কৰিলে ই ভি এমত আৰু ৪ জুনত ভোটগণনা হ’ব ।
পূৰ্বৰ নিৰ্বাচনী তথ্যৰ উৎস অনুসৰি ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত বিজেপিৰ পৰা কিৰেন ৰিজিজুৱে ৪৮.৮% ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ কিৰেন ৰিজিজুৱে কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীক পৰাস্ত কৰে ৷ বিজেপিয়ে ৬৩.০২% আৰু কংগ্ৰেছে ১৪.২২% ভোট লাভ কৰিছিল । ২০১৪ চনত বিজেপিৰ পৰা কিৰেন ৰিজিজুৱে নিৰ্বাচনত জয়লাভ কৰে । আনহাতে ২০০৯ চনত, অৰুণাচল পশ্চিম সমষ্টিত কংগ্ৰেছৰ পৰা তাকাম সঞ্জয় নিৰ্বাচিত হৈছিল । ২০১৯ , ২০১৪ আৰু ২০০৯ চনত ভোটাৰৰ ভোটদানৰ হাৰ ক্ৰমে ৭৮.৫% , ৭৫.১৫ % আৰু ৬৫.৯৩% আছিল ।