গুৱাহাটী : বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে হত্যা, হিংসা, ধৰ্ষণ ইত্যাদি ঘটনাবোৰ ৷ তেনেই সাধাৰণ বাতৰিৰ দৰে প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰিছে এনে খবৰে ৷ অপৰাধৰ ক্ষেত্ৰত বিশেষকৈ উত্তৰ-পূবৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে ন ন ঘটনা ৷
গুৱাহাটী মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আহিছে হত্যা, হিংসা, চুৰি- ডকাইতৰ দৰে ঘটনা । বিগত ২৬ ডিচেম্বৰত মহানগৰীৰ নাহৰনী পথত মৌচুমী গগৈৰ হত্যাকাণ্ড মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । শুকুৰবাৰে মহানগৰীৰ ভেটাপাৰাত এগৰাকী মহিলাক ডিঙিত ছুৰীৰে আঘাত কৰি পলায়নৰ চেষ্টা এজন যুৱকৰ । ভেটাপাৰাৰ গোল্ডেন পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত সংকটজনক অৱস্থাত আহত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । ইফালে স্থানীয় ৰাইজে খেদি খেদি আটক কৰে অভিযুক্তক । ধৃত আক্ৰমণকাৰীটো আজুল হক বুলি জানিব পৰা গৈছে ।
গোল্ডেন পথেৰে বাইয়েকৰ সৈতে খোজকাঢ়ি আহি আছিল মহিলাগৰাকী । লগত আছিল দুই সন্তান । তেনে সময়তে যুৱকজনে মহিলাগৰাকীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে আৰু উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে । পিছত স্থানীয় ৰাইজে খেদি খেদি আটক কৰে যুৱকজনক । পৰৱৰ্তী সময়ত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় আক্ৰমণকাৰী আজুলক ।
লগতে পঢ়ক : ক'ৰবাত সফল হৈছো, ক'ৰবাত বিফল হৈছো : বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰা লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত কেনেকৈ উটি আহিল দুটাকৈ নিথৰ দেহ ? |
স্থানীয় এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মই ঘৰত ম’বাইল চাই আছিলো ৷ তেতিয়াই একাংশ লোকে চিঞৰ-বাখৰ কৰে ৷ মই খিৰিকিৰে জুমি চাই দেখিলো যে এগৰাকী মহিলাক কোনো লোকে আক্ৰমণ কৰিছে ৷ তাৰ পাচতে মই দৌৰি গ’লো ৷ মই আৰু স্থানীয় কেইজনমান যুৱকে খেদি খেদি অভিযুক্তটোক ধৰিলো ৷ পিচত পুলিচে আহি যুৱকজনক ধৰি লৈ যায় ৷’’
জানিব পৰা মতে, আক্ৰমণৰ বলি হোৱা মহিলাগৰাকীৰ নাম ফুলমতী দাস । ঘৰ ধুবুৰীত যদিও ভেটপাৰাৰ কৈলাশ নগৰত ভাৰতীয়া হিচাপে থাকে ফুলমতী । গুৰুতৰভাৱে আহত ফুলমতী দাস তিনি সন্তানৰ মাতৃ । স্থানীয় কিছু লোকে জনোৱা অনুসৰি, পূৰ্বৰে পৰা যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল ধৃত আজুল হকে । পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈও প্ৰেৰণ কৰিছিল যুৱকজনক । কিন্তু জেলৰ পৰা ওলাই পুনৰ গুৱাহাটীলৈ আহি অশান্তি কৰিছিল ফুলমতীক ।
ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপ-আয়ুক্ত মৃণাল ডেকা (East) উপস্থিত হৈ ঘটনাৰ স্থান পৰিদৰ্শন কৰে ৷ কিহৰ বাবে ধৃত যুৱকজনে মহিলাগৰাকীক হত্যাৰ চেষ্টা কৰিলে সেই কথা বৰ্তমানো স্পষ্ট হোৱা নাই বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷