অসম

assam

ETV Bharat / politics

কংগ্ৰেছৰ পৰা বহিষ্কাৰ গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক

APCC expelled Dadu Taye : ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ হ’ল গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতি দাদু টায়ে ৷ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এক জাননীযোগে সদৰী কৰিছে এই তথ্য ৷

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 1:42 PM IST

Updated : Feb 17, 2024, 2:47 PM IST

APCC expelled Dadu Taye
ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কৃত দাদু টায়ে

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী :গলবস্ত্ৰই বিড়ম্বনা কঢ়িয়াই আনিলে দাদু টায়েলৈ ৷ বহু চৰ্চাৰ অন্তত শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তাৎক্ষণিক কাৰ্যকৰী কৰাকৈ বহিষ্কাৰ কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক ।

অসম প্ৰদেশ কংগ্ৰেছৰ পত্ৰ

ইতিমধ্যে সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে যে 14 ফেব্ৰুৱাৰীৰ দিনা সৰুপথাৰৰ শ্যাম গাঁৱলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আহিছিল ৷ সেইদিনা গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰিছিল আৰু এখন গলবস্ত্ৰৰে তেওঁক সম্ভাষণ জনাইছিল ৷

তাৰ পাচতেই দাদু টায়ে আৰু মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ফটো ভাইৰেল হৈ পৰিছিল ৷ তেতিয়াই দাদু টায়েক প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰি তেখেতক জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়ে । ইয়াৰ পাচতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোলাঘাট ডিচিচিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় ।

লগতে পঢ়ক :কংগ্ৰেছৰ কোন কোন নেতাই নিশা হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ? ক’ব দাদু টায়েই

ইটিভি ভাৰতৰ সাংবাদিকে দাদু টায়েক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথাটো সম্পূৰ্ণ ব্যক্তিগত বুলিহে উল্লেখ কৰে ৷ লগতে দলৰ সভাপতি আৰু কলিয়াবৰৰ সাংসদগৰাকীক এই বিষয়ে জনাইহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ এই খহনীয়াৰ মাজতে গৌৰৱ গগৈৰ একেবাৰে ঘনিষ্ঠ দাদু টায়ে বিজেপিত যোগদান কৰাৰ কথা চৰ্চা লৈ আহিছিল ৷ এই চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগ কৰি গামোচা পিন্ধোৱাত খৰ্গহস্ত হৈ পৰে কংগ্ৰেছৰ বৰমূৰীয়াসকল ৷

যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতিগৰাকীক ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই অপসাৰিত হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে

Last Updated : Feb 17, 2024, 2:47 PM IST

ABOUT THE AUTHOR

...view details