লখিমপুৰ, 2 জুন:সমাপ্ত হ’ল দেশৰ 18 সংখ্যক লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 7 টা পৰ্যায়ত যোৱা 19 এপ্ৰিলৰ পৰা 1 জুনলৈকে দেশৰ 543 খন লোকসভা আসনৰ বাবে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ ৷ 1 জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগেই বিভিন্ন সংবাদ মাধ্যম আৰু সমীক্ষাকাৰী সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা বা এগজিট প’ল ৷ প্ৰায়সমূহ সংস্থাই নিজ নিজ সমীক্ষাত দেখুৱাইছে যে পুনৰ দেশত এন ডি এৰ চৰকাৰ গঠন হ’ব ৷ কিন্তু এই নিৰ্বাচনী সমীক্ষাৰ ওপৰত বিশ্বাস নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ লখিমপুৰত এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই ৷
লগতে পঢ়ক:কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024
ভূপেন বৰাৰ আস্থা হেৰাইছে : নিৰ্বাচনী সমীক্ষাত দেখা গৈছে গৰিষ্ঠ সংখ্যক সংস্থাই এন ডি এই 350 খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে ৷ আনহাতে ইণ্ডিয়া ব্লকৰ ক্ষেত্ৰত প্ৰায় কেইটা সমীক্ষাত আসনৰ সংখ্যা 200 তলতেই দেখুওৱা হৈছে ৷ কিন্তু এইসমূহ সমীক্ষাৰ প্ৰতি আস্থা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ তেওঁৰ মতে একোটা সমষ্টিত কেবালাখো ভোটাৰ থাকে ৷ একেটা ভোটকেন্দ্ৰৰ অধীনৰ ভোটাৰৰ মাজতে প্ৰতি তিনি কিঃমিঃ দূৰত্বত পছন্দ সলনি হয় ৷ গতিকে এগজিট প’ল এক্সেক্ট প’ল হ’ব নোৱাৰে বুলি তেওঁ দাবী কৰে ৷
লগতে পঢ়ক:লখিমপুৰত বিজেপি নে কংগ্ৰেছ ? কি কয় জনতাই - Lok Sabha Election 2024
কংগ্ৰেছক ভোট দিছে বহু সাংবাদিকেও:লখিমপুৰত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ভূপেন বৰাই কয় যে, মুকলিকৈ নক’লেও বহু সাংবাদিকে ভোট দিছে কংগ্ৰেছক ৷ পুৰণি বহু বিজেপি নেতায়ো কংগ্ৰেছকেই মনে মনে ভোট দিছে বুলি ভূপেন বৰাই ক’ব খোজে ৷ গভীৰ প্ৰত্যয়ৰে তেওঁ দাবী কৰে যে এইবাৰ কংগ্ৰেছৰ আসনৰ সংখ্যাৰ লগতে ভোটৰ সংখ্যাও বৃদ্ধি পাব ৷